নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কীয় মনোজ্ঞ আলোচনা চক্ৰ

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মৰিয়নি কেন্দ্ৰৰ উদ্যোগত আৰু কাউন্সিল ফ’ৰ টিচাৰ এডুকেচন ফাউণ্ডেচন, যোৰহাটৰ সহযোগত মৰিয়নিৰ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কে আজি এক মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হয়। বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত ‘ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ -ৰ সফলতাত শিক্ষক শিক্ষয়িত্ৰীৰ মুখ্য ভূমিকা’ শীৰ্ষক বিষয়ৰ আলোচনা চক্ৰত মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° অৰ্চনা ভট্টাচাৰ্য্যই তথ্যসমৃদ্ধ, যুক্তিসংগত আৰু ব্যৱহাৰিক বিভিন্ন দিশৰ সাৱলীল বিশ্লেষণেৰে নিজ বক্তব্য ডাঙি ধৰে। তেওঁৰ বক্তব্যই উপস্থিত কেবাখনো শিক্ষানুষ্ঠানৰ শিক্ষক – শিক্ষয়িত্ৰীসকলক উপকৃত কৰে। ইয়াৰ পূৰ্বে আদৰণি ভাষণ প্ৰদান কৰে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ স্মৃতিৰেখা ফুকনে। আলোচনা চক্ৰত অংশগ্ৰহণ কৰি চি আৰ চি চি কৃষ্ণা মিশ্ৰই শিক্ষাদানৰ ওপৰিও ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিগত সমস্যাসমূহৰ প্ৰতিও শিক্ষকসকল সজাগ-সচেতন হোৱা উচিত বুলি উল্লেখ কৰে। শিক্ষাবিদ-তিতাবৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নেকিবুল ইছলামে নিজৰ চমু ভাষনত শিক্ষানুষ্ঠানসমুহত সদায় আনন্দময় পৰিবেশত শিক্ষাদান কৰিবলৈ প্ৰয়াস কৰিব লাগে বুলি উল্লেখ কৰে। শিক্ষানুষ্ঠানখনৰ জ্যেষ্ঠ শিক্ষক প্ৰিতম কুমাৰ শইকীয়া আৰু শিক্ষয়িত্ৰী সংগীতা দোলাকাষৰীয়াই সমল ব্যক্তি ড° অৰ্চনা ভট্টাচাৰ্য্যৰ বক্তব্যৰ পৰা কিদৰে উপকৃত হ’ল সেই সম্পৰ্কে বক্তব্য আগবঢ়াই কৃতজ্ঞতা জ্ঞাপন কৰে। উক্ত আলোচনা চক্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা, মৰিয়নি কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে কেবাখনো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰি উপকৃত হয়।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like