এনডিএফবিৰ মুক্তিৰ দাবীত কাজলগাঁৱত ধর্ণা
বিটিআৰ চুক্তিৰ বর্ষপূর্তিত কেন্দ্রীয় গৃহমন্ত্রীয়ে ক্ষমাদান সন্দর্ভত নিদিলে আশ্বাস
নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ দীর্ঘদিনীয়া সশস্ত্র সংগ্রামৰ পৰিসমাপ্তি ঘটাই এনডিএফবিৰ চাৰিওটা গোট একত্রিত হৈ ২০২০ বর্ষৰ ২৭ জানুৱাৰীত নতুন দিল্লীত বহুচর্চিত বিটিআৰ শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল৷ বিটিআৰ শান্তি চুক্তিৰ এটা বছৰ সম্পূর্ণ হোৱাৰ পিছতো দীর্ঘ সশস্ত্র সংগ্রাম অব্যাহত থকাৰ সময়ত বিভিন্ন গোচৰত অভিযুক্ত হৈ জে’লত বন্দী হৈ থকা বহু এনডিএফবি নেতা, কেডাৰে জে’লৰ পৰা মুক্তি লাভ কৰা নাই৷ যোৱা ২৪ জানুৱাৰীত কোকৰাঝাৰত বিটিআৰ চুক্তিৰ বর্ষপূর্তি অনুষ্ঠানৰ শুভাৰম্ভ অনুষ্ঠানলৈ দেশৰ গৃহমন্ত্রী অমিত শ্বাহ অহাৰ দিনা জে’লত বন্দী হৈ থকা এনডিএফবি নেতা–কেডাৰৰ মুক্তি তথা ক্ষমাদানৰ বিষয়টো উত্থাপন কৰিব বুলি আশা কৰি থকা নেতা– কেডাৰৰ পৰিয়ালবর্গই গৃহমন্ত্রী শ্বাহৰ পৰা সাধাৰণ ক্ষমাদান সন্দর্ভত কোনো ধৰণৰ আশ্বাস বা প্রতিশ্রুতি নাপালে৷ এই কথাই জে’লত বন্দী হৈ থকা এনডিএফবি নেতা–কর্মীসকলৰ পৰিয়ালবর্গক হতাশ কৰি তোলাৰ লগতে বন্দীসকলৰ মুক্তি তথা ক্ষমাদান সম্পর্কে অনিশ্চয়তাত ভুগিব লগা হৈছে৷ যাৰবাবে আজি পৰিয়ালৰ লোকসকলে অৱস্থান ধর্ণা কার্যসূচী ৰূপায়ণ কৰে৷ বিটিআৰৰ চাৰি জিলাৰ লগতে শোণিতপুৰ জিলাৰ পৰা অহা বন্দী এনডিএফবি নেতা–কেডাৰৰ পৰিয়ালৰ সদস্যসকলে জে’লত বন্দী এনডিএফবি নেতা–কর্মীসকলক অতি সোনকালে সাধাৰণ ক্ষমাদান দি মুকলি কৰাৰ দাবীত চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত জিলা উপায়ুক্ত কার্যালয়ৰ সন্মুখত দুপৰীয়া বাৰ বজাৰ পৰা দুঘণ্টীয়া অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰে৷ ধর্ণা কার্যসূচীৰ অন্তত বন্দী এনডিএফবি নেতা–কর্মীসকলৰ অভিভাৱক তথা পৰিয়ালৰ সদস্যসকলে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ গৃহমন্ত্রীলৈ এখন স্মাৰক–পত্র প্রেৰণ কৰে৷