নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা দহ বজাত ড০ হিমন্ত বিশ্ব শর্মাক চাবলৈ উবুৰি খালে সহস্রাধিক

নগাঁও–বেবেজীয়া সংযোগী পথ উন্নীতৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ বেবেজীয়া চাৰিআলিৰ নিচেই কাষৰ বিৰহ বেবেজীয়া তিনিআলিত নিশা প্রায় দহ বজাত অপেক্ষাৰত জনতাৰ আৱেগ–উলাহৰ মাজত লোকনির্মাণ, বিত্ত, স্বাস্থ্য আৰু শিক্ষা বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শর্মাই পদার্পণ কৰাৰ লগে লগে শ শ লোকৰ মাজত সৃষ্টি হয় ব্যাপক উছাহ৷ মন্ত্রী ড০ শর্মাই গাডীৰ পৰা মাটিত খোজ থ’বলৈ নৌপাওঁতেই ডেকা–গাভৰু, বোৱাৰী–জীয়াৰী, আনকি বর্ষীয়ান লোকসকলেও আপোন মন্ত্রীগৰাকীক বিপুল হর্ষোল্লাসেৰে আদৰি সকলো মতলীয়া হয় একোখনকৈ ছেল্ফি তুলিবলৈ৷ আনহাতে, মন্ত্রী ড০ শর্মাই নগাঁৱত চাইকেল ৰেলী থকা বাবে বহু দেৰিকৈ ৰাইজৰ মাজত উপস্থিত হোৱা বাবে সকলোৰে ওচৰত ক্ষমা মাগে৷ লগতে সকলোৰে আকাংক্ষাৰ প্রতি সন্মান প্রদর্শনেৰে ছেল্ফি উঠি উদাৰ আৰু বহল মনৰ পৰিচয় দাঙি ধৰে৷ উল্লেখ্য যে কালি মন্ত্রী ড০ শর্মাই দিনজোৰা কার্যসূচী লৈ নগাঁৱলৈ আহি অন্তিমটো কার্যসূচী ২০২০–২১ বর্ষৰRIDF-XXVI, NABARD আঁচনিৰে নগাঁও চহৰৰ পৰা বিৰহ বেবেজীয়া হৈ বেবেজীয়া ঘাইপথ সংযোগী পথ উন্নীতকৰণ কামৰ শুভাৰম্ভ কৰে৷ তেওঁ কয়– পথটো সম্পূর্ণ হ’লে বৃহত্তৰ বেবেজীয়া অঞ্চলৰ ৰাইজে যাতায়াতৰ ক্ষেত্রত সকাহ লাভ কৰিব আৰু এই বিকল্প পথটোৱে যান–জঁট সমস্যা বহু পৰিমাণে লাঘৱ কৰিব৷

You might also like