নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শনিবাৰে ৯গৰাকীৰ মৃত্যু, আক্রান্ত ৯৭১গৰাকী

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ শনিবাৰে ৰাজ্যখনত পুনৰ ক’ৰোনাত আক্রান্ত ৯গৰাকীকৈ লোকে প্রাণ হেৰুৱায়৷ ইয়াৰ লগে লগে ৰাজ্যখনত এতিয়ালৈ ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৮১১গৰাকীলৈ বৃদ্ধি পালে৷

স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি শনিবাৰে ক’ৰোনাত আক্রান্ত ডিব্রুগড়ৰ কিৰণ মেধি (৫১), চৰাইদেউৰ গিৰীন মূঢ়া (২৪), ডিব্রুগড়ৰ মুকলাল বাউৰী (২৩), গোলাঘাটৰ গণেশ বৰা (৪৫), শিৱসাগৰৰ প্রবীণ চন্দ্র বৰুৱা (৬৫), মাজুলীৰ মতিৰাম দত্ত (৭৩), শোণিতপুৰৰ ৰাজু ওৰাং (৪৫), কামৰূপৰ অৱনী পাঠক (৫৩) আৰু নগাঁৱৰ দীপা বৰাৰ (২৭) মৃত্যু হয়৷ মন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷

ইপিনে শনিবাৰৰ দিনটোত ৰাজ্যখনত নতুনকৈ ৯৭১গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ আক্রান্তসকলৰ ২২৯গৰাকী গুৱাহাটী মহানগৰীৰ৷  দিনটোত মুঠ ২৭,৪৯১গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ৩.৫৩ শতাংশ৷ আজি আক্রান্ত হোৱাসকলকে ধৰি ৰাজ্যখনত মুঠ ১,৯৩,৩৮৭গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ আনহাতে শনিবাৰে সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত ১,৪৫১গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ ৰিলিজ লাভ কৰাসকলকে ধৰি এতিয়ালৈ মুঠ ১,৬৩,৩৫২গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিছে৷ বর্তমান বিভিন্ন চিকিৎসালয়ত ২৯,২২১গৰাকী লোক চিকিৎসাধীন হৈ আছে৷

You might also like