নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মথাউৰি নির্মাণ–মেৰামতিত কোনো কাৰণতে আপোচ কৰা নহ’ব

নিয়মীয়া বাৰ্তা ২৭ মেঃ মথাউৰি নির্মাণ আৰু মেৰামতিত কোনো কাৰণতে কম্প্র’মাইজ কৰা নহ’ব৷ প্রয়োজন সাপেক্ষে ঠিকাদাৰক ধমক দিব লগা হয়৷ কিন্তু এইবাৰ ধমক নহয়, অনুৰোধপূর্বকভাৱে অহা ১৫ দিনৰ ভিতৰত ছিঙা মথাউৰি নির্মাণৰ কাম সম্পূর্ণ কৰিবলৈ নির্দেশ দিয়া হৈছে৷’ জলসম্পদ মন্ত্রী পিয়ূষ হাজৰিকাই বোকাখাতত উপস্থিত হৈ ছিগা মথাউৰি পৰিদর্শন কালত এই মন্তব্য কৰে৷ লগতে মন্ত্রীজনৰ অকপট স্বীকাৰোক্তি– ‘মই বাৰ দিনৰহে জলসম্পদ মন্ত্রী৷ বিভাগৰ কাম–কাজ ভালকৈ বুজাই নাই৷ শীঘ্রে সকলো সম্ভৱ কৰি তোলা হ’ব৷’

উল্লেখ্য যে বোকাখাত বিধানসভা সমষ্টিৰ অন্তর্গত মৰিয়াহোলা–ধনশিৰিম্ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সমীপৰ ৰজাগাঁৱৰ মথাউৰিটোৰ ২০২০ চনৰ ১২ জুলাইৰ প্রলয়ংকৰী বানে চাৰিটা অংশ ছিঙি নিয়াত দহখনকৈ গাঁৱৰ ৰাইজৰ বাবে বিভীষিকাৰ সৃষ্টি হৈছে৷ যোৱা ১৫ মে’ত ছিঙা মাথাউৰি মেৰামতি আৰু নির্মাণৰ ঠিকাৰ প্রাথমিক নির্দেশনা লাভ কৰিছিল যদিও বুধবাৰেহে চূডান্ত নির্দেশনা লাভ কৰি ঠিকাদাৰে কাম আৰম্ভ কৰিছে৷ সমাগত বাৰিষাৰ প্রতি লক্ষ্য ৰাখি সংবাদ মাধ্যমত বাতৰি প্রকাশৰ পিছতে থৰকাছুটি হেৰাইছে বিয়াগোম জলসম্পদ বিভাগৰ৷ তাৰ পিছত বুধবাৰে বিয়লি ছিঙা মথাউৰিটোত উপস্থিত হয় নৱনিযুক্ত জলসম্পদ মন্ত্রী পিয়ূষ হাজৰিকা৷ ১৯৫০ চনতে প্রথমবাৰৰ বাবে নির্মাণ কৰা মৰিয়াহোলা–ধনশিৰিম্ মথাউৰিটো এছিয়ান ডেভেল’পমেণ্ট বেংকৰ অর্থ সাহায্যৰে ২০১৯–২০ বিত্তীয় বর্ষত পুনৰ নির্মাণ চলিছিল৷ কিন্তু কাম সম্পূর্ণ নহওঁতেই বিগত বর্ষৰ বানে মথাউৰিটোৰ কান্ধুলীমাৰি সংযোগী ৰজাগাঁৱৰ মাজৰ চাৰিটাকৈ স্থানত ছিঙি পেলায়৷

ইফালে, মথাউৰিটোত উপস্থিত হৈ মন্ত্রী পিয়ূজ হাজৰিকাই অনুৰোধপূর্বকভাৱে ১৫ দিনৰ সময়সীমা বান্ধি দিছে ঠিকাদাৰক৷ ইফালে, সমাগত বাৰিষাৰ প্রাক্ক্ষণত বানৰ বিভীষিকালৈ মনত পেলাই এতিয়া শংকিত কৃষিমন্ত্রী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ ৰজাগাঁও, কান্ধুলীমাৰি, শুকানি গাঁও, জাপৰিপথাৰ, ডিফলুপথাৰ, বডিগাঁওকে ধৰি দহখনকৈ গাঁৱৰ ৰাইজ৷ ২০২০ বর্ষৰ বানত ৰাজ্যৰ ৯টা মাথাউৰি নষ্ট হৈছিল৷ সমাগত বানৰ পূর্বে ইতিমধ্যে ৮টা মাথাউৰিৰ মেৰামতিৰ কাম সম্পূর্ণ হৈছে৷ খৰালি শুই–বহি কটোৱা বিয়াগোম জলসম্পদ বিভাগে চাৰি ঠাইত টুকুৰা হোৱা মথাউৰিটোত বাৰিষাৰ আগে আগে মাটি পেলাই এতিয়া কাম আৰম্ভ কৰিছে ঠিকাদাৰৰদ্বাৰা৷ জলসম্পদ মন্ত্রী পিয়ূষ হাজৰিকাৰ আজিৰ এই পৰিদর্শনত সন্তোষ প্রকাশ কৰিছে স্থানীয় বিধায়ক তথা কৃষিমন্ত্রী অতুল বৰাই৷ আজি জলসম্পদ মন্ত্রী পিয়ূষ হাজৰিকাৰ সৈতে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্রী অতুল বৰা, সাংসদ প্রদান বৰুৱা, জলসম্পদ বিভাগৰ শীর্ষ বিষয়া, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে মহকুমা প্রশাসনৰ বিষয়াসকল উপস্থিত থাকে৷

You might also like