ভূৰাগাঁও–লাহৰীঘাটত্ নীতি উলংঘাৰে চলিছে ভুটভুটী
নিয়মীয়া বাৰ্তা ১৩ ছেপ্টেম্বৰঃ নিমাতীঘাটত সংঘটিত ভয়ংকৰ ফেৰী দুর্ঘটনাৰ পিছত ৰাজ্য চৰকাৰে ফেৰী অথবা অন্যান্য ইঞ্জিনচালিত নাও চলাচলত কেতবোৰ নীতি–নিয়ম বান্ধি দিছে৷ কিন্তু ইয়াৰ পিছতো মৰিগাঁও জিলাৰ লাহৰীঘাট আৰু ভূৰাগাঁৱত নীতি–নিয়ম উলংঘা কৰি ব্রহ্মপুত্রত চলি আছে ইঞ্জিনচালিত নাও৷ কালি মৰিগাঁৱৰ উপায়ুক্তই জিলাখনত নাও চলাচলত সম্পূর্ণভাৱে নিষেধাজ্ঞা কৰাৰ পিছতো আজিও ব্রহ্মপুত্রত শ শ যাত্রীক পণবন্দী কৰি চলি আছে ইঞ্জিনচালিত নাও৷ কালি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কর্মচাৰী আৰু ভূৰাগাঁও আৰক্ষীৰ সহযোগত ভূৰাগাঁও আৰু বৰালিমাৰীত কেইবাখনো ইঞ্জিনচালিত নাও জব্দ কৰে৷
আজি লাহৰীঘাটৰ কাঠনি পাৰঘাটত নিষেধাজ্ঞাৰ পিছতো অর্ধশতাধিক ইঞ্জিনচালিত নাৱেৰে শ শ যাত্রীয়ে অহা–যোৱা কৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ পিছতে লাহৰীঘাট ৰাজহ চক্র বিষয়া স্বৰাজ ভাৰত লাগাছু, লাহৰীঘাট থানাৰ ভাৰপ্রাপ্ত বিষয়া অদিত বডো আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়া কাঠনি পাৰঘাটত উপস্থিত হৈ ভুটভুটীৰ চালক আৰু মালিকসকলক চৰকাৰী নীতি–নির্দেশনা মানি নাওসমূহ চলাচল কৰিব পাৰিব বুলি অৱগত কৰে৷ আজিৰ পৰা সকলো নাও চলাচল বন্ধ ৰাখিবলৈ নির্দেশ দিয়ে৷ ইয়াৰ পিছতো কোনোবাই যদি চৰকাৰী নীতি–নিয়মক উলংঘা কৰি নাও চলাচল কৰিলে কঠোৰ পদক্ষেপ গ্রহণ কৰিব বুলি চক্র বিষয়াই সকীয়াই দিয়ে৷ উল্লেখ্য যে দীর্ঘদিন ধৰি লাহৰীঘাট, ভূৰাগাঁও , মৈৰাবাৰী আৰু বৰালিমাৰীত দৈনিক ব্রহ্মপুত্রৰে শ শ ইঞ্জিনচালিত নাও চলাচল কৰি আহিছে৷ মৰিগাঁও, দৰং আৰু চৰ–চাপৰিৰ পৰা দৈনিক হাজাৰ হাজাৰ লোক বিপদসংকুলভাৱে নাৱেৰে যাতায়াত কৰিব লগা হৈছে৷