নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ গুৱাহাটী ‌বাৰোৱাৰী ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন কৰিলে হেমন্ত চৌধুৰীয়ে

নিয়মীয়া বাৰ্তা,  ২৩ অক্টোবৰ: এতিয়া উৎসৱৰ বতৰ । শাৰদীয় দুৰ্গাপুজা ধুমধামেৰে উদযাপন হোৱাৰ পিছত  ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কালী পূজা , ৰাস মহোৎসৱৰ ব্যাপক আয়োজন ।  উত্তৰ গুৱাহাটীতো ৰাস মহোৎসৱক লৈ ব্যাপক উচাহ উদ্দীপনা পৰিলক্ষিত হৈছে । ঐতিহ্যমণ্ডিত উত্তৰ গুৱাহাটী বাৰোৱাৰী ৰাস মহোৎসৱ খনি এইবেলিও সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰুদ্ৰসিংহ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হ’ৱ । আজি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে উত্তৰ গুৱাহাটী ৰাস মহোৎসৱৰ  লাইখুটা স্থাপন কৰে । আয়তিৰ উৰুলি , পুৰোহিতৰ মন্ত্ৰোচ্চৰণ তথা ভক্তপ্ৰাণ ৰাইজৰ বিপুল উৎসাহ উদ্দীপনাৰ মাজত লাইখুটা স্থাপন কৰি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে কয় যে ৰাস মহোৎসৱৰ জৰিয়তে বৃহত্তৰ অসমীয়া সমাজৰ একতাৰ বান্ধোন আৰু অধিক  সুদৃঢ় হ’ৱ । ১৯৪১ চনতে আৰম্ভ হোৱা উত্তৰ গুৱাহাটীৰ এই ৰাস মহোৎসৱ  এইবেলি ৭ নবেম্বৰৰ পৰা আৰম্ভ হৈ ১৩ নবেম্বৰত সামৰণি পৰিব। উত্তৰ গুৱাহাটী বাৰোৱাৰী ৰাস মহোৎসৱৰ সম্পাদক মনোজ দাস(নিতু) আৰু সভাপতি অতুল বৈশ্যই জানিব দিয়া মতে আন আন বছৰৰ দৰে এইবেলিও মৃণ্ময় মূৰ্তিৰ লগতে প্ৰযুক্তি তথা আধুনিক সা সজ্জাৰে অধিক আকৰ্ষণীয় ৰূপত উপস্থাপন কৰা হব এই ৰাস মহোৎসৱ। ইফালে, নাম প্ৰসংগৰ লগতে বিভিন্ন সাংস্কৃতি কাৰ্যসূচীৰে অধিক আকৰ্ষণীয় হ’ল এইবাৰৰ ৰাস মহোৎসৱ  ।
You might also like