নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ ৩টা মহলা ভাঙি দিয়াৰ নির্দেশ
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ নীতি বহির্ভূতভাৱে নির্মাণ কৰা এটা ৬ মহলীয়া ঘৰৰ তিনিটা মহলা ভাঙি দিবৰ বাবে নির্দেশ দিছে পৌৰসভাই৷ অসম পৌৰসভা আইন ১৯৫৬ অনুযায়ী নগাঁও পৌৰসভাই প্রেৰণ কৰা এই জাননীত উল্লেখ আছে যে দিলীপ বৰাই নগাঁও পৌৰসভাৰ ১০নং ৱার্ডৰ জে এছ পথত টাউন মৌজাৰ নগাঁও কিচামত ৪০৩নং দাগত এটা ৬ মহলীয়া অট্টালিকা সাজিছিল৷
এই গৃহটোৰ তলৰ মহলাকে ধৰি ৩টা মহলাৰহে অনুমতি নগাঁও পৌৰসভাই প্রদান কৰিছিল৷ কিন্তু নীতিবহির্ভূতভাৱে অতিৰিক্ত ৩টা মহলাসহ ৬ মহলীয়া গৃহটো তেওঁ নির্মাণ কৰিছিল৷ নগাঁও পৌৰসভাই এইক্ষেত্রত দিলীপ বৰালৈ যোৱা ২০ জুলাইত কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰাৰ পিছত তেওঁ ২৭ জুলাইত ইয়াৰ উত্তৰ দিয়ে৷এই উত্তৰত অতিৰিক্ত ৩ টা মহলা পৌৰসভাৰ অনুমতি নোলোৱাকৈ নির্মাণ কৰাৰ কথা স্বীকাৰ কৰে৷ সেয়ে নগাঁও পৌৰসভাই ৪, ৫ আৰু ৬ এই তিনিটা মহলা অহা ৩০ দিনৰ ভিতৰত আঁতৰাই পেলাবলৈ অর্থাৎ ভাঙি পেলাবলৈ নির্দেশ জাৰি কৰিছে৷