বানৰ কৱলত মায়ঙৰ বিস্তীৰ্ণ অঞ্চল; পবিতৰা অভয়াৰণ্যৰ ৯০ শতাংশ এলেকা জলমগ্ন
নিয়মীয়া বাৰ্তা, ২৯ জুন : বছৰৰ প্ৰথমটো বানে জনসাধাৰনক জুৰুলা কৰি যোৱাৰ পিছত এইবাৰ দ্বিতীয়টো বানে ধাৰন কৰিছে সংহাৰী ৰূপ ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে নিতৌ প্লাৱিত কৰিছে জাগীৰোড সমষ্টিৰ ন ন অঞ্চল ৷ সমষ্টিটোৰ মায়ং ,পকৰীয়া , মনহা , আৰু ঘগুৱা মৌজাৰ শতাধিক গাওঁ প্লাৱিত হৈছে এই বানত ৷ সাগৰ সদৃশ বিশাল জলৰাশিয়ে অবৰ্ণনীয় কৰি তুলিছে বন্যাৰ্তৰ জীৱন । ব্ৰহ্মপুত্ৰৰ পানী উফন্দি উঠাৰ ফলত কেইবাটাও পথ বানত বুৰ যোৱাৰ উপক্ৰম হোৱাৰ লগতে কেইবাখনো বিদ্যালয় বানৰ কৱলত পৰিছে ৷
ইফালে দৈনিক পানী বাঢ়ি অহাৰ ফলত কেইবাখনো গাঁৱৰ যোগাযোগ বিচ্ছিন্ন হোৱাৰ উপক্ৰম হৈছে ৷ পকৰীয়াত নিৰ্মিত ব্ৰহ্মপুত্ৰৰ পাৰৰ মথাউৰী আৰু নাৰেঙ্গী-ভকতগাঁও সংযোগী ৰাজ্যিক ঘাইপথত সহস্ৰাধিক লোকে আশ্ৰয় গ্ৰহন কৰিছে । বৰপাক গাঁও পঞ্চায়ত এলকাতো প্ৰায় অৰ্ধশতাধিক পৰিয়ালে নিজ ঘৰ বানত ডুবাৰ ফলত স্কুল আৰু গড়কাপ্তানী পথত আশ্ৰয় লৈছে। বানাক্ৰান্ত বহু অঞ্চলত বিশুদ্ধ খোৱা পানী অভাৱত ভূগিছে বুলি জানিব পৰা গৈছে। বানত ককবকাই থকা জাগীৰোডৰ বানাক্ৰান্তৰ নিতৌ খবৰ ৰখাৰ উপৰিও স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকই বানাক্ৰান্তই যাতে উপযুক্ত ভাৱে বানসাহায্য লাভ কৰে তাৰো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বানাক্ৰান্তৰ লগত প্ৰতিটো ক্ষণত উপস্থিত থাকি সমষ্টিটোৰ বন্যাৰ্তৰ অভাৱ অভিযোগৰ বুজ লৈছে। মন্ত্ৰী হাজৰিকাৰ লগতে তেওঁৰ ব্যক্তিগত সহায়ক অপূৰ্ব ডেকায়ো প্ৰতিটো পঞ্চায়তৰ বানাক্ৰান্তৰ খ্বৰ লোৱা পৰিলক্ষিত হৈছে। ইফালে পবিতৰা অভয়াৰন্যৰ বান পৰিস্থিতিও ক্ৰমাত জটিল ৰূপ লোৱাৰ বাবে বন্যপ্ৰানীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। অভয়াৰন্যখনৰ ২৪ টা বন শিবিৰৰ ভিতৰত ২২ টাই বানৰ কৱলত পৰিছে। অভয়াৰন্য খনৰ ৯০ শতাংশ অঞ্চল এলেকা জলমগ্ন হৈ আছে ।
ইতিমধ্যে গঁড়ৰ লগতে অন্যান্য জীৱ জন্তুই নিৰাপদ ওখ স্থানত আশ্ৰয় লৈছে। এনে পৰিস্থিতিত চোৰাংচিকাৰীয়ে যাতে অভয়াৰন্যখ্নত প্ৰবেশ কৰি গড় হত্যা কৰিব নোৱাৰে তাৰ বাবে বনৰক্ষী সকলে যন্ত্ৰচালিত নাও আৰু হাত নাৱেৰে দিনে নিশাই টহল দি আছে। অভয়াৰন্যখ্নৰ কেইবাটাও বনশিবিৰৰ বনকৰ্মীয়ে বিশুদ্ধ খোৱাপানী আৰু ৰেচনৰ অভাৱত ভূগিছে বুলি জানিব পৰা গৈছে ।