নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ বিজেপিৰ আমোলত নিত্যব্যৱহার্য সামগ্রীৰ দামবৃদ্ধিয়ে সর্বসাধাৰণ লোকক জলাকলা খুৱাইছে৷ এই সময়ছোৱাত ধনী মানুহ ধনী হৈ গৈছে আৰু দুখীয়া মানুহ নিশকতীয়া হৈ গৈছে৷ কংগ্রেছে আজীৱন দুখীয়া মানুহৰ স্বার্থত কাম কৰি আহিছে৷ দামবৃদ্ধিৰে জলাকলা খুওৱা বিজেপিক সেয়েহে ২০২১ৰ নির্বাচনত সর্বসাধাৰণ মানুহে বিদায় দিয়াটো নিশ্চিত৷’– পলাশবাৰী সমষ্টিৰ নহিৰাত কংগ্রেছৰ ‘অসম বচাওঁ আহক’ অভিযানৰ বৃহস্পতিবাৰৰ অনুষ্ঠিত এখন বিশাল জনসংযোগ সভাত অংশগ্রহণ কৰি সাংসদ গৌৰৱ গগৈয়ে এনেদৰে কয়৷ জাতি–মাটি–ভেটিৰ কথা কোৱা বিজেপিয়ে শাসনৰ বাঘজৰী হাতত লৈ নির্বাচনী প্রতিশ্রুতি পাহৰি যোৱা বুলিও সাংসদ গগৈয়ে ভাষণ প্রসংগত কয়৷ সভাত অংশগ্রহণ কৰি কংগ্রেছৰ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইনে পলাশবাৰী সমষ্টিৰ ৰাইজক বিজেপিৰ শাসন ওফৰাই কংগ্রেছৰ বিধায়ক নির্বাচিত কৰিবলৈ মুকলি আহ্বান জনায়৷ হুছেইনে পৰৱর্তী চৰকাৰ কংগ্রেছে গঠন কৰিলে নাগৰিকত্ব (সংশোধনী) আইন বাতিল কৰিবলৈ সম্ভৱপৰ সকলো ব্যৱস্থা গ্রহণ কৰিব বুলিও ৰাজহুৱাকৈ প্রতিশ্রুতি দিয়ে৷ সভাত সর্বভাৰতীয় জাতীয় কংগ্রেছৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিকেও বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনত মানুহৰ মাজত সহনশীলতাৰ পৰিৱেশ ক্রমান্বয়ে নষ্ট হ’বলৈ লৈছে বুলি অভিযোগ কৰে৷