বিশ্বনাথত দুপৰীয়া ১২ বজালৈহে গেলামাল দোকান খোলাৰ অনুমতি
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ ক’ভিড পৰিস্থিতি অধিক জটিল হৈ পৰাৰ পৰিপ্রেক্ষিতত বিশ্বনাথ জিলাত জাৰি কৰা হৈছে নতুন নির্দেশনা৷ সেই অনুসৰি দিনৰ ১২ বজালৈকে বিশ্বনাথ জিলাত খুলিব পাৰিব গেলামালৰ দোকান৷
তদুপৰি কৃষি বিভাগৰ অনুমতিপ্রাপ্ত বেপাৰীয়েহে দিনৰ ১২ বজালৈকে ঘৰে ঘৰে বিক্রী কৰিব পাৰিব শাক–পাচলি৷ জিলাখনত সকলো ব্যক্তিগত নির্মাণকার্য বন্ধৰ নির্দেশ দিয়া হৈছে৷ সান্ধ্য আইন কঠোৰভাৱে বলৱৎ কৰা হ’ব বুলিও জনাইছে জিলাখনৰ উপায়ুক্তই৷