নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলি-জুৰীয়াত বোকাময় পথত ভূঁই ৰুলে ৰাইজে

নিয়মীয়া  বাৰ্তা, ২৯ জুনঃ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ ভিন্ন প্রান্তৰ একাংশ গডকাপ্টানী আৰু গ্রাম্যপথৰ অৱস্থা দিনক দিনে শোচনীয় হৈ পৰিছে৷ ইয়াৰে মিজিবাৰী আৰু মাজৰৌমাৰী গাঁও পঞ্চায়ত এলেকাৰো বহুকেইটা বিধ্বস্ত গ্রাম্যপথে স্থানীয় ৰাইজক যাতায়াতৰ বেলিকা দুর্ভোগ ভোগাইছে৷ বিশেষকৈ বিগত দিনকেইটাত নেৰানেপেৰাকৈ অব্যাহত থকা বৰষুণৰ ফলত এই বাট–পথসমূহে অধিক শোচনীয় ৰূপ লৈছে৷

মিজিবাৰী গাঁও পঞ্চায়তৰ অন্তর্গত জোৰাদিয়া আৰু লাবাৰী অঞ্চলৰ একাংশ ক্ষুব্ধ লোকে কালি পথৰ ওপৰত ভূঁই ৰুই জনপ্রতিনিধিৰ দীর্ঘদিনীয়া বঞ্চনাৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ ক্ষুব্ধ ৰাইজে আহাৰ মাহত বোকাময় পথাৰত ভূঁই ৰোৱাৰ পৰিৱর্তে পথৰ ওপৰত ৰুই বিক্ষোভ কৰে৷ উল্লেখ্য যে স্বৰাজোত্তৰ ৭২ বছৰ অতিক্রম কৰাৰ পিছতো ১৫ নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিতে লাগি থকা জোৰাদিয়া অঞ্চলৰ অতি গুৰুত্বপূর্ণ পথছোৱা নির্মাণত কোনো এখন চৰকাৰে মন–কাণ নিদিয়াত গঞা ৰাইজ ক্ষুব্ধ হৈ পৰে৷

১৫ নং ৰাষ্ট্রীয় ঘাইপথ সংযোগী এই গুৰুত্বপূর্ণ পথটোৰ জৰাজীর্ণ অৱস্থাৰ বাবে অঞ্চলটোৰ ৰাইজে দীর্ঘদিনৰ পৰা যাতায়াতৰ ক্ষেত্রত ভীষণ সমস্যাৰ মুখামুখি হৈ আহিছে৷ বাৰিষা এজাক বৰষুণ দিলেই পথছোৱা বোকাময় হৈ পৰে৷ লগতে পথছোৱাত থকা প্রকাণ্ড প্রকাণ্ড গাঁতসমূহ পুখুৰীৰ ৰূপ লৈ পানীৰে উপচি পৰে।

আনহাতে, নিজ সমষ্টিতে বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰি একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ আজি ৰূপহীহাট সমষ্টিৰ জুৰীয়াৰ সমীপৰ ধিংবড়ি চাপৰিৰ ৰাইজে দীর্ঘদিন ধৰি ভীষণ সমস্যাৰ সন্মুখীন হৈ অহা এটা বিধ্বস্ত বোকাময় পথ মেৰামতিৰ দাবীত অভিনৱ প্রতিবাদ সাব্যস্ত কৰে৷ ৰাইজে পথৰ ওপৰত কঠীয়া ৰোপণ কৰি বিধায়ক নুৰুল হুদা মুর্দাবাদ ধ্বনিৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷

You might also like