নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ পুঠিমাৰীত সুলভ মূল্যৰ দোকানত প্লাষ্টিকৰ চাউল

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ দুখীয়া ৰাইজৰ বাবে চৰকাৰীভাৱে আবণ্টিত বিনামূলীয়া চাউলৰ বেছিভাগেই প্লাষ্টিকৰ ওলোৱাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে বজালী জিলাৰ অন্তর্গত পুঠিমাৰী চ’কবজাৰত থকা এখন সুলভ মূল্যৰ দোকানলৈ দুখীয়া ৰাইজৰ বাবে প্রতিমাহে আবণ্টিত সুলভ মূল্যৰ চাউল নিবলৈ অহাৰ পিছতে কেইবাগৰাকীও হিতাধিকাৰীয়ে প্লাষ্টিকৰ চাউল লাভ কৰাত হিতাধিকাৰীসকলক হতচকিত আৰু শংকিত কৰি তুলিছে৷

প্লাষ্টিকজাতীয় সামগ্রীয়ে মানুহৰ জীৱনৰ প্রতি শংকা কঢ়িয়াই অনাৰ সময়তে দৈনন্দিন ব্যৱহার্য চাউলতো প্লাষ্টিকৰ চাউল উদ্ধাৰ হোৱা ঘটনাই ৰাজ্যৰ যোগান বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে৷ যিসময়ত যোগান বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাসে বিভাগটোৰ সংস্কাৰ কৰিব বিচাৰি বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে, সেই সময়তে একাংশ অসৎ বিষয়া–কর্মচাৰী, অসাধু চক্রই বৰবিহসদৃশ প্লাষ্টিকৰ চাউল প্রদান কৰি দুখীয়া ৰাইজক ভাতেমৰাৰ ষডযন্ত্র ৰচিছে৷ জীৱনৰ লগত হেতালি খেলা এইসকল অসাধু চক্রৰ বিৰুদ্ধে বিভাগীয় মন্ত্রীগৰাকীয়ে তদন্ত কৰি উচিত ব্যৱস্থা গ্রহণৰ বাবে দাবী জনাইছে৷

You might also like