নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনী-নগাঁৱত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি-অৱস্থান ধৰ্মঘট

বিজনীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিত কৰ্মচাৰী পৰিষদৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি-অৱস্থান ধৰ্মঘট

নিয়মীায়া বাৰ্তা, ৭ ফেব্ৰুৱাৰী : এক ফেব্ৰুৱাৰীৰ পৰা অনিৰ্দিষ্টকাললৈ অৱস্থান ধৰ্মঘট আৰু কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিত কৰ্মচাৰী পৰিষদৰ চিৰাং জিলা সমিতিৰ। বড়োবাজাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত ৬০ বছৰ বয়সলৈ চাকৰি সুনিশ্চিত কৰা, সকলো কৰ্মচাৰীৰ R.O.P. ৰ ব্যৱস্থা কৰা, সকলো কৰ্মচাৰীৰ সম কামৰ সম বেতন নীতি প্ৰযোজ্য কৰা, বিভাগৰ খালি হোৱা প্ৰতিটো পদৰ বিপৰীতে যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিত কৰ্মচাৰীক বিভাগীয়ভাবে পৰীক্ষা পাতি নিযুক্তি প্ৰদান কৰা আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী উত্থাপন কৰি এই অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ঠিকাভিত্তিত কৰ্মচাৰীসকলে। কিন্তু ঠিকাভিত্তিত কৰ্মচাৰীসকলৰ এই কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘটৰ আজি সাত দিন উকলি যোৱাৰ পিছতো কোনো জনপ্ৰতিনিধি অথবা আমোলা-বিষয়াই এবাৰো খবৰ লবলৈ প্ৰতিবাদস্থলীত উপস্থিত নোহোৱাত দুখ প্ৰকাশ কৰে কৰ্মচাৰীসকলে। ইফালে মাণিপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতো ঠিকাভিত্তিত কৰ্মচাৰীসকলে এক ফেব্ৰুৱাৰীৰ পৰা কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি আছে। মাণিপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বঙাইগাঁও আৰু চিৰাং অংশৰ কৰ্মচাৰীসকলে উপৰিউক্ত দাবীৰে পালন কৰি আছে এই প্ৰতিবাদী কাৰ্যসূচী।
প্ৰেৰক বৰ্ণালী তালুকদাৰ

নগাঁৱত পঞ্চায়ত-উন্নয়ন খণ্ডৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট অব্যাহত

নিয়মীয়া বাৰ্তা,৭ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ ১৩টা উন্নয়ণ খণ্ডৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে ১ ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকৰ বিভিন্ন দাবী পূৰণৰ উদ্দেশ্যৰে ৰূপায়ন কৰা অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতিৰ কাৰ্যসূচী আজিও অব্যাহত আছে।দীৰ্ঘদিন ধৰি চাকৰি কৰাৰ পিচতো পঞ্চায়ত আৰু উন্নয়নখণ্ডৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ নোহোৱাৰ বাবে প্ৰতিবাদকাৰী কৰ্মচাৰী সকলে ক্ষোভ প্ৰকাশ কৰে।প্ৰতিবাদকাৰী সকলৰ দাবী সমূহ হৈছে ৬০বছৰলৈ চাকৰি নিয়মীয়া কৰণ,সকলো কৰ্মচাৰীৰ আৰ অ পিৰ ব‍্যৱস্থা কৰা,সকলো কৰ্মচাৰীৰ ক্ষেত্ৰত সমকামৰ সম বেতন নীতি প্ৰযোজ্য কৰা,চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা,বিভাগৰ খালি হোৱা পদত যোগ্যতা অনুসৰি ঠিকা ভিত্তিক কৰ্মচাৰী সকলক পৰীক্ষা অনুষ্ঠিত কৰি নিযুক্তি দিয়া আদি । জিলাখনৰ কলিয়াবৰ, পশ্চিম কলিয়াবৰ,বাজিয়াগাঁও,লাওখোৱা, ৰূপহী, জুৰীয়া, বটদ্ৰৱা, ৰহা, খাগৰিজান, পাখিমৰীয়া, কঠিয়াতলী আৰু বঢ়মপুৰ উন্নয়ন খণ্ডত কৰ্মচাৰীসকলে আজিও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ বাবে দাবী জনায়। লগতে ঠিকা ভিত্তিক কৰ্মচাৰী সকলৰ দূখ কষ্ট মুখ্যমন্ত্ৰীজনক অনুধাৱন কৰি কৰ্মচাৰীসকলক দূখ-দূৰ্দশাৰ পৰা পৰিত্ৰাণ দিবলৈ অনুৰোধ জনায় ।সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দিলীপ বৰাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে- তেওঁলোকৰ সমস্যাসমূহ চৰকাৰে সমাধান নকৰা পৰ্যন্ত তেওঁলোকৰ এই কাৰ্যসূচী অব্যাহত থাকিব।
প্ৰেৰক কনক হাজৰিকা

You might also like