ছয়গাঁও আৰক্ষীৰ অভিযান, ৩ ড্ৰাগছৰ কন্টেইনাৰসহ ২ ড্ৰাগছ ব্যৱসায়ী আটক
নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই ছয়গাঁৱৰ চণ্ডিকা গেটৰ ওচৰত দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে তিনিটা ড্ৰাগছৰ কণ্টেইনাৰ, এখন স্কুটি আৰু নগদ ৫৫৯০ টকা জব্দ কৰে।
ড্ৰাগছ ব্যৱসায়ী দলটোৱে চণ্ডিকা গেটত আৰক্ষীক দেখা পায় পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে খেদি গৈ দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে। আৰক্ষীৰ হাতত ধৰা পৰাৰ আগমূহুৰ্তত ড্ৰাগছ ব্যৱসায়ীকেইজনে লগত থকা ড্ৰাগছ কণ্টেইনাৰবোৰ যেনিতেনি দলিয়াই দিয়ে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
ইয়াৰে তিনিটা কণ্টেইনাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে । আৰক্ষীয়ে আটক কৰা লোক দুজন হ’ল ৰামপুৰৰ অমৰ মজুমদাৰ (২৫) আৰু প্ৰকাশ কলিতা (২২)। আনহাতে আৰক্ষীয়ে উদ্ধাৰ কৰা স্কুটিখনৰ নম্বৰ হ’ল এ এছ ০১ই জি ১৩৯০ ।
দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় চলাই থকা এই দলটোৱে কালি বিজয়নগৰৰ কোনো ব্যক্তিৰ পৰা ড্ৰাগছ ক্ৰয় কৰিছিল বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। ধৃত ড্ৰাগছ ব্যৱসায়ীকেইজন অন্য অপৰাধমূলক কামত জড়িত বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
যোৱা ২৩ এপ্ৰিলত ৰামপুৰ অভাৰব্ৰিজৰ তলত এজন ব্যক্তিৰ পৰা ম’বাইল আৰু নগদ ধন কাঢ়ি নিয়াৰ অপৰাধত পলাশবাৰী আৰক্ষী থানাৰ ১৯৭/২০২০ নম্বৰ গোচৰত ধৃত ড্ৰাগছ ব্যৱসায়ীকেইজনক গ্ৰেপ্তাৰ কৰা বুলিও আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।