নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড প্ৰট’কল মানি বিহামপুৰৰ প্ৰেৰণা পুথিভঁৰালৰ চতুৰ্দ্দশ বিষ্ণু ৰাভা দিৱস উদযাপন

নিয়মীয়া বাৰ্তা ২২ জুনঃ তাহানিতে কবিয়ে লিখিছিল “তুমি য’ত আছা সৰু কাৰাগাৰ, থিয় একেখনি ইটাৰ দেৱাল । আমি য’ত আছোঁ বৰ পোতাশাল শত নাগপাশে বন্ধা।” আজিও সেই নাগপাশ যেন সৰ্বত্ৰ বিদ্যমান । সেই নাগপাশৰ পৰা জনগণক মুক্ত কৰিবলৈ বিষ্ণু ৰাভাই সংগ্ৰাম কৰিছিল । বিষ্ণু ৰাভা কোনো অৱতাৰী পুৰুষ নাছিল; ঔপনিবেশিকতা বিৰোধী সংগ্ৰাম তথা অসমৰ সমাজ জীৱনৰ সংগ্ৰামেই বিষ্ণু ৰাভাক গঢ় দিছিল। ৰাভাৰ সমাজ পৰিৱৰ্তন কামী ৰাজনৈতিক মতাদৰ্শ ই যাতে নিপীড়িত শ্ৰেণীক ভৱিষ্যত বিপ্লৱৰ পথত সংগঠিত কৰি তুলিব নোৱাৰে, সেইবাবে ৰাভাক কেৱল কলাগুৰু ৰূপত পূজা অৰ্চনা কৰিবলৈ শিকোৱা হ’ল– এই বক্তব্য প্ৰেৰণা পুথিভঁৰালৰ অন্যতম পৰিচালক কমলনয়ন মিশ্ৰৰ । যোৱা ২০ জুন তাৰিখে নলবাৰী জিলাৰ বিহামপুৰৰ প্ৰেৰণা পুথিভঁৰালে ক’ভিড প্ৰট’কল মানি অনুষ্টুপীয়াকৈ আয়োজন কৰা চতুৰ্দ্দশ বাৰ্ষিক বিষ্ণু ৰাভা দিৱসৰ মুখ্য বক্তা হিচাবে মিশ্ৰই আৰু কয় যে, জনজাতীয় সমাজৰ প্ৰতিনিধি ৰাভাই মূল সুতিৰ অসমীয়া সমাজখনৰ পৰা অপমান আৰু লাঞ্চনা পৰ্যন্ত সহ্য কৰিবলগীয়া হৈছিল। কিন্তু এইবোৰৰ পিছতো তেওঁৰ আজীৱন প্ৰচেষ্টা আছিল মূলসুঁতিৰ অসমীয়া সমাজৰ লগতে জনজাতীয় সমাজক একাত্ম কৰি জাতি ধৰ্ম নিৰ্বিশেষে এক বৃহত্তৰ অসমীয়া সমাজ নিৰ্মাণ কৰা।

ইয়াৰ আগেয়ে অনুষ্ঠানত প্ৰেৰণা পুথিভঁৰালৰ পতাকা উত্তোলন কৰে প্ৰবীণ সংগীত শিল্পী ধৰণী বৈশ্যই । বিষ্ণু ৰাভা আৰু তেওঁৰ সংগ্ৰামী সতীৰ্থ জ্যোতিপ্ৰসাদ, হেমাংগ বিশ্বাস আৰু ভূপেন হাজৰিকাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্জ্বলন কৰে বয়োবৃদ্ধা নাগৰিক গিৰিবালা দেৱী, ওজাপালি শিল্পী প্ৰভাত হালৈ(ডাইনাপালি), অধ্যাপক তিলক শৰ্মা, আৰু কৰ্ণধাৰ সমিতিৰ সদস্য হিমাদ্ৰি মেধিয়ে। ইয়াৰ পাচতে পুথিভঁড়ালৰ পৰিচালকমণ্ডলীয়ে বিষ্ণু ৰাভাৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে ।

পুষ্পাঞ্জলি প্ৰদানৰ পাছতে বিষ্ণু ৰাভাৰ সংগ্ৰামৰ ইতিহাস ব্যাখ্যা কৰি প্ৰাসংগিক বক্তব্য প্ৰদান কৰে কমলনয়ন মিশ্ৰই। পৰিপূৰক আলোচনা আগবঢ়ায় তিলক শৰ্মাই । ইয়াৰ পাছতে বিষ্ণু ৰাভা সংগীত পৰিৱেশন কৰে প্ৰকৃতি প্ৰিয়ম ডেকা আৰু অটল ডেকাই। তবলা সংগত কৰে প্ৰদীপ ডেকাই । বিষ্ণু ৰাভা বিষয়ক কবিতা আবৃত্তি কৰে অভিনৱ নাৰায়ণ শৰ্মাই। এই অনুষ্ঠানতে প্ৰেৰণা পুথিভঁড়ালৰ নতুন দেহৰ শাখাৰ প্ৰাচীৰ পত্ৰিকা ‘প্ৰয়াস’ উন্মোচন কৰে কমলনয়ন মিশ্ৰ, হিমাদ্ৰি মেধি, তিলক শৰ্মা, অৰুণ কুমাৰ গোস্বামী আৰু বীৰেন বৰ্মনে। ইয়াৰ পাছতে প্ৰেৰণা পুথিভঁড়ালৰ নতুন দেহৰ শাখাৰ উদ্যোগত অসম ভিত্তিত অনলাইন/অফলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰা হয়। প্ৰেৰণা পুথিভঁৰাল ৰ মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত এই অনুষ্ঠানৰ সামৰণি মৰা হয় পাঁচবিধ ফল (আম, জাম, কঁঠাল, মধুৰিআম, অমৰা) আৰু এটি তগৰ ফুলৰ পুলি ৰোপণৰ দ্বাৰা । ৰোপণ কৰে ভূপেন কুমাৰ দাস, সুশীল মালাকৰ, শান্তনু কোঁৱৰ, হাৰকিউলিয়েন বৰ্মন, গগণ দাস, নীলোৎপল তালুকদাৰ, আদিয়ে ।

You might also like