সাম্প্রদায়িক শক্তিক সোঁৱে–বাঁৱে লৈ বিজেপিক বাধা দিব নোৱাৰে ৰাইজৰ দলে
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিৰ উপ–নির্বাচন সমাগত৷ কিন্তু তাৰ পূর্বে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ‘ৰাইজৰ দল’ আৰু বীৰ লাচিত সেনাৰ মাজত মতভেদ স্পষ্ট হৈ পৰিছে৷ ৰাইজৰ দল গঠনৰ অন্যতম উদ্যোক্তা সংগঠন বীৰ লাচিত সেনাই শুকুৰবাৰে গুৱাহাটীত এখন সংবাদ মেল সম্বোধন কৰি কেতবোৰ বিস্ফোৰক মন্তব্য কৰে৷
সংগঠনটোৰ সাধাৰণ সম্পাদক ৰণ্টু পানীফুকনে সংবাদ মেলত কয় যে ৰাইজৰ দল আৰু বীৰ লাচিত সেনা একাকাৰ হৈ পৰা বুলি অসমৰ ৰাইজৰ মাজত এক ভ্রান্ত ধাৰণাৰ সৃষ্টি হৈছে৷ ৰাইজৰ দল গঠনৰ প্রক্রিয়াৰ লগত বীৰ লাচিত সেনা জড়িত হৈছিল আৰু অখিল গগৈক শিৱসাগৰত জিকোৱাৰ ক্ষেত্রতো এক গুৰুত্বপূর্ণ ভূমিকা লৈছিল৷ কিন্তু তাৰ পাছৰে পৰা বীৰ লাচিত সেনাই নিজৰ অৰাজনৈতিক সত্তা অক্ষুণ্ণ ৰাখিছে৷
আনহাতে, ৰাইজৰ দল আৰু সাম্প্রদায়িক শক্তিৰ সনা–পিটিকাত বিষোদগাৰ প্রকাশ কৰি সংগঠনটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে বীৰ লাচিত সেনাই আৰম্ভণিৰে পৰা সাম্প্রদায়িক শক্তিৰ বিৰোধিতা কৰি আহিছে৷ ৰাইজৰ দলত আমছু থাকিব নে নাই, তাক লৈও বিতর্কৰ সূচনা হৈছিল৷ তেতিয়াও বীৰ লাচিত সেনাই ইয়াৰ তীব্র বিৰোধিতা কৰি কৈছিল যে আমছুৰ দৰে সাম্প্রদায়িক শক্তিক ৰাইজৰ দলত প্রশ্রয় দিলে নহ’ব৷ সোঁৱে–বাঁৱে সাম্প্রদায়িক শক্তিক কাষত লৈ বিজেপিৰ দৰে সাম্প্রদায়িক শক্তিক বাধা দিয়াটো সম্ভৱ নহয়৷ আমছুৰ দৰে সংগঠনৰ লগত বীৰ লাচিত সেনাৰ সংঘাত আছিল আৰু থাকিব৷ আমছুৰ প্রাক্তন সভাপতি আজিজুৰ ৰহমানে এন আৰ চিৰ পাইলট প্রজেক্টৰ বিৰোধিতা কৰাৰ লগতে অসমত অসমীয়াগিৰি নচলিব বুলি কোৱাৰ পাছতো তেওঁক অখিল গগৈয়ে ৰাজনৈতিক পৃষ্ঠপোষকতা আগবঢ়াব নালাগিছিল৷ এইবোৰ কথাই খিলঞ্জীয়া জনসাধাৰণক অসন্তুষ্ট কৰিব৷
মৰিয়নিৰ উপ–নির্বাচনে ৰাইজৰ দলৰ ভৱিষ্যৎ নিৰূপণ কৰিব বুলি উল্লেখ কৰি ৰণ্টু পানীফুকনে এইদৰে কয়– ‘এই নির্বাচনে অসমৰ ৰাজনৈতিক ভৱিষ্যৎ নির্ধাৰণ কৰিব৷ কাৰণ কংগ্রেছৰ বিপর্যয়ৰ মাজতো সমষ্টিটোৰ ৰাইজে ৰূপজ্যোতি কুর্মীক জিকাই পঠিয়াইছিল৷ ৰূপজ্যোতি কুর্মী সদায়ে বিজেপিৰ ভুল নীতিৰ বিৰুদ্ধে সৰৱ হৈ আছিল৷ যাৰ বাবে মৰিয়নিৰ ৰাইজে তেওঁক ভোট দিছিল৷ কিন্তু কেইদিনমান পাছতে তেওঁ পাভলুটি মাৰিলে৷ এই সমষ্টিটো অখিল গগৈৰ গৃহ সমষ্টি৷ গতিকে মৰিয়নিৰ নির্বাচন অখিল গগৈ বনাম ৰূপজ্যোতি কুর্মীৰ নির্বাচন নহ’ব৷ এই নির্বাচন হ’ব অখিল গগৈ আৰু হিমন্ত বিশ্ব শর্মাৰ মাজত৷ মৰিয়নিবাসীৰ বাবেও এয়া মান–সন্মান আৰু স্বাভিমান ৰক্ষাৰ যুঁজ৷ গতিকে মৰিয়নিৰ উপ–নির্বাচনত অখিল গগৈয়ে বিচক্ষণতা, চাতুর্যতাৰ পৰিচয় দিব লাগিব৷ তেওঁৰ গ্রহণযোগ্যতা আৰু ৰাজনৈতিক পৰিপক্বতা এই নির্বাচনতেই প্রমাণ হ’ব৷’
আনহাতে, বীৰ লাচিত সেনাক আওকাণ কৰি মৰিয়নিত কোনেও বিজয়ী হ’ব নোৱাৰে বুলি উল্লেখ কৰি বীৰ লাচিত সেনাৰ সংগঠনিক সম্পাদক শৃংখল চলিহাই কয়– ‘আমি অখিল গগৈক শিৱসাগৰৰ পৰা জয়ী কৰাই বিজেপি চৰকাৰে তেওঁৰ ওপৰত কৰা অন্যায়–বিচাৰৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিছিলোঁ৷ শিৱসাগৰৰ নির্বাচনত এই বাবেই তেওঁক সহযোগিতা কৰিছিলোঁ যে আমি উজনিৰ পৰা জাতীয়তাবাদৰ যাত্রা আৰম্ভ কৰিব বিচাৰিছিলোঁ৷ যিহেতু শিৱসাগৰ মোৰ গৃহ সমষ্টি, তাত আমাৰ এটা ভোটবেংক আছে, সেই বাবেই শিৱাসাগৰ সমষ্টিটো বাছি লৈছিলোঁ৷ যিহেতু অখিল গগৈ সেই সময়ত জে’লত আছিল, সেয়ে শিৱসাগৰত বিজয় কিছু সহজ হ’ব বুলি ভাবিছিলোঁ৷ বহু কষ্টৰে তেওঁক জিকাই আনিছোঁ৷ অখিল গগৈৰ বিজয়ত বীৰ লাচিত সেনাৰ আটাইতকৈ অগ্রণী ভূমিকা আছিল৷ মৰিয়নিতো আমাৰ সাংগঠনিক স্থিতি অতি শক্তিশালী৷ তাত আমাক উলাই কৰি কোনো জিকিব নোৱাৰে৷ এইক্ষেত্রত ৰাজনৈতিক দলৰ সৈতে আমাৰ কোনো যোগযোগ হোৱা নাই যদিও এটা কথা স্পষ্ট যে বীৰ লাচিত সেনাক বাদ দি উজনি অসমত কোনো ৰাজনৈতিক সমীকৰণ হ’ব নোৱাৰে৷’ বীৰ লাচিত সেনাৰ এই সংবাদ মেলে অসমৰ জাতীয়তাবাদী শক্তিৰ আসন্ন বিভাজন স্পষ্ট কৰি তুলিছে৷