নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপিএফ তিষ্ঠি থাকিব নে নাথাকে সেয়া এতিয়া ডাঙৰ প্রশ্ন- প্রমোদ বড়ো

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ  অতি সম্প্রতি বিপিএফ দলত যথেষ্ট কেৰোণ সৃষ্টি হৈছে৷ দলটোত ৰাজনীতিৰ নামত এজন নেতাই আন এজনক দমন কৰি আহিছে৷ সেয়েহে বিপিএফ দলটোত সৃষ্টি হোৱা বিশৃংখলতাৰ বাবে অকল ইমানুৱেল মুছাহাৰীয়ে নহয় বহু নেতাই বিপিএফ দল ত্যাগ কৰিব৷ এই মন্তব্য ইউপিপিএলৰ সভাপতি প্রমোদ বডোৰ৷ তামুলপুৰত সাংবাদিকৰ আগত ইউপিপিএলৰ সভাপতি প্রমোদ বডোৱে কয় যে অনাগত দিনত বিপিএফ দল তিষ্ঠি থাকিবনে নাথাকিব সেইটোহে ডাঙৰ প্রশ্ন৷

বর্তমান সময়ত বিপিএফ দল বর্তি নাথাকিলেও আচৰিত হ’ব লগা একো নাই৷ বি টি আৰ চুক্তি সন্দর্ভত চুক্তি সাক্ষৰকাৰী ধীৰেন বডোৰ শেহতীয়া মন্তব্যৰ ওপৰত প্রতিক্রিয়া ব্যক্ত কৰি প্রমোদ বডোৱে কয় যে ধীৰেন বডোৱেও বি টি আৰ চুক্তিৰ স্বাক্ষৰকাৰীসকলৰ ভিতৰৰ এজন আছিল৷ যিহেতু চুক্তি স্বাক্ষৰকাৰীসকলৰ ভিতৰত ধীৰেন বডোও আছিল, এতিয়া তেওঁ বি টি আৰ চুক্তিৰ বিৰুদ্ধে হুংকাৰ দি একো লাভ নাই বুলিও বডোৱে তাৎপর্যপূর্ণ মন্তব্য কৰে৷ বিপিএফ দলৰ প্রসংগ টানি আনি ইউপিপিএলৰ সভাপতি বডোৱে পুনৰ কয় যে বিপিএফে এতিয়া গাদীৰ বাবে শংকিত হৈছে৷ ৰাইজে বিপিএফ দলৰ কাম–কাজত বিতুষ্ট হৈছে৷ এইবাৰৰ নির্বাচনত ৰাইজে বিপিএফক উচিত উত্তৰ দিব৷

তেওঁ কয়– বিপিএফ দলে অভিযোগ কৰাৰ দৰে আমি বি টি আৰ চুক্তি ৰূপায়ণৰ কথা বাদ দি অকল বিটিচি নির্বাচনত মনোনিৱেশ কৰা নাই৷ আমি বি টি আৰ চুক্তিৰ দফা ৰূপায়ণৰ বাবে কাম কৰি আছো আৰু চৰকাৰৰ লগত আলোচনা কৰি আছো৷ তামুলপুৰলৈ ড০ হিমন্ত বিশ্ব শর্মা ১৬ জুনত অহাৰ কথা অৱতাৰণা কৰি ইউপিপিএলৰ সভাপতিগৰাকীয়ে কয় যে বিজেপি দলে এইবাৰ পৰিৱর্তনৰ ৰাজনীতি কৰিব৷ বিজেপিৰ ৰাজনৈতিক উদ্দেশ্য নিশ্চয় আছে আৰু সেই বাবেই দলটোৰ নেতাসকলে পৰিৱর্তনৰ বাবে নিশ্চয় কাম কৰিব৷ এইক্ষেত্রত ইউপইপিএল দল আশাবাদী বুলিও সভাপতি বডোৱে মন্তব্য কৰে৷

বাঘজানৰ ঘটনা সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি যুৱ নেতাগৰাকীয়ে কয় যে বর্তমান বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ যুগ৷ এই যুগত কাম এটা কৰিবলৈ যাওঁতে প্রথমে অঞ্চলটোৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰিব লাগে৷ বাঘজানৰ ঘটনাত ক্ষতিগ্রস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ লগতে তেওঁলোকক পুনৰ সংস্থাপন দিয়াৰ বাবেও ইউপিপিএলৰ সভাপতি বডোৱে চৰকাৰক অনুৰোধ জনায়৷

You might also like