স্বামীক হাগ্রামাৰ দৰে নহ’বলৈ আহ্বান প্রমোদৰ পত্নীৰ
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ আর্থিক দীনতাৰ বাবে এসময়ত কয়লা খনিত শ্রমিক হিচাপে কাম কৰা, ৰিক্সা চলাবলৈ বাধ্য হোৱা, আধাতে উচ্চ শিক্ষা সামৰিবলগীয়া হোৱা এবছুৰ প্রাক্তন সভাপতি তথা ইউপিপিএলৰ সভাপতি প্রমোদ বড়ো বিটিচিৰ মুখ্য কার্যবাহী সদস্য হ’ল৷ এক দীঘলীয়া পৰিক্রমাৰ মাজেৰে বিটিচিৰ মুৰব্বী পদত অধিষ্ঠিত হোৱা প্রমোদ বড়োৰ শপত গ্রহণ অনুষ্ঠানত অঞ্চলটোৰ লক্ষাধিক পৰিৱর্তনকামী জনতাৰ লগতে উপস্থিত থাকিল বড়োৰ পৰিয়াল৷ পত্নী পাৰুল ভৰালী, কণমানি কন্যা লেহেৰীন বড়ো, পুত্র দৃষ্টান্ত বড়ো, জ্যেষ্ঠ ভগ্ণী জয়মতী বড়ো, ছিনু বড়ো, ৰিণু বড়ো, ডাঙৰ ভিনীহিয়েক হীৰেন চন্দ্র বড়ো, খুলশালীয়েক, শাহুৱেককে ধৰি পৰিয়ালটোৰ সকলো আত্মীয় শপত গ্রহণ অনুষ্ঠানত উপস্থিত থাকে৷
পত্নী পাৰুল ভৰালীয়ে স্বামীৰ এই সাফল্যত উৎসাহিত হৈ পৰাৰ লগতে যথেষ্ট আৱেগিকো হৈ পৰে৷ এটা সময়ত আনন্দাশ্রু বোৱাই পত্নী পাৰুল ভৰালীয়ে প্রমোদ বড়োক তেওঁ যেন কেতিয়াও হাগ্রামা মহিলাৰী নহয়, সেই আহ্বান জনায়৷ প্রমোদ বড়োৱে তেওঁক বিয়া পাতি যথেষ্ট সমালোচনাৰ সন্মুখীন হোৱাৰ অধ্যায় সুঁৱৰি কয় যে প্রমোদ বড়ো বড়ো জনগোষ্ঠীৰ৷ মই অবড়ো জনগোষ্ঠীৰ৷ মোক বিয়া পতাৰ পিছতেই প্রমোদ বড়ো যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল৷ বড়ো হৈ অবড়ো ছোৱালী বিয়া পতাৰ বাবে প্রায়েই তেওঁক সমালোচনা কৰা হৈছিল৷ তেওঁ আৰু কয় যে ৰাইজে যি আশাৰে প্রমোদ বড়োক আজি বিটিচিৰ মুখ্য কার্যবাহী সদস্য পাতিছে, তেওঁ যেন কেতিয়াও ৰাইজৰ সেই আশা ভংগ নকৰে৷ যি প্রতিশ্রুতিৰে আহিছে, সেয়া যেন ভংগ নকৰে৷ অনাগত দিনতো নিজৰ ব্যক্তিত্ব যেন অক্ষুণ্ণ ৰাখে৷ সেইদৰে প্রমোদ বড়োৰ ডাঙৰ বায়েক গোৰেশ্বৰ নিৱাসী জয়মতী বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে মোৰ একমাত্র ভাইটো যে এদিন ডাঙৰ মানুহ হ’ব, সৰুৰে পৰাই ভাবিছিলোঁ৷ প্রমোদ নামটো ময়েই ৰাখিছিলোঁ৷ আজি ৰাইজে তাক ৰজা পাতিছে৷ যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ৷ শামুকৰ পেটত মাণিক, হীৰা এতিয়া সি৷ আশা কৰোঁ সি ৰাইজৰ অভাৱ–ভিযোগ ভালদৰে সমাধান কৰিব৷ ৰাইজক ঠগ–প্রৱঞ্চনা নকৰিব৷ আমি ভাইটিক একো সহায় কৰিব পৰা নাছিলোঁ৷ যাৰ বাবে সি কয়লাখনিত কাম কৰিবলগীয়া হৈছিল, ৰিক্সা চলাবলগীয়া হৈছিল৷ প্রমোদ বড়োৰ কণমানি কন্যা আৰু পুত্রই পিতৃৰ এনে সাফল্যত বহুত সুখী, বহুত ভাল লাগিছে বুলি মন্তব্য কৰে৷ ডাঙৰ ভিনীহিয়েক হীৰেন চন্দ্র বড়োৱে প্রমোদ বড়োৰ নেতৃত্বত বিটিচিত জনকল্যাণমুখী চৰকাৰ এখন হ’ব বুলি আশা প্রকাশ কৰে৷
আনহাতে পাৰুল ভৰালীৰ ভগ্ণী তথা প্রমোদ বড়োৰ খুলশালীগৰাকীয়ে নতুন বিটিচি পৰিষদখনে অঞ্চলটোত বড়ো–বড়োৰ সংঘাত নির্মূল কৰিব বুলি আশা প্রকাশ কৰি কয় যে নিজৰ পৰিয়ালৰ ভিতৰতেই যিহেতু বড়ো–বড়ো সম্প্রীতিৰে আছে, নিশ্চিতভাৱে নতুন পৰিষদখনে সেই সংঘাত নির্মূল কৰিবলৈ সক্ষম হ’ব৷