নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীখাইতীত বান-গৰাখহনীয়াগ্ৰস্তক সংস্থাপন, গৰাখহনীয়া ৰোধৰ দাবীত প্ৰতিবাদী সমদল

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ অনিয়ন্ত্রিতভাৱে গছ কাটি বনাঞ্চল ধ্বংস কৰা, অবৈধভাৱে মাটি কটা, জধে-মধে মথাউৰি, বান্ধ নিৰ্মাণ আদিৰ ফলত অভাৱনীয়ভাৱে বানপানী আৰু গৰাখহনীয়াৰ সৃষ্টি কৰি কামৰূপ জিলাৰ ছয়গাঁও আৰু পলাশবাৰী সমষ্টিৰ অন্তৰ্গত আমবাৰী, মোল্লাটাৰী, কান্দুলীমাৰী, পানীখাইতীকে ধৰি বহু গাঁৱৰ বছৰ বছৰ ধৰি শ শ পৰিয়ালৰ গৃহভূমি আৰু কৃষিভূমি গৰাখহনীয়াত জাহ গ’ল।

বহু পৰিয়াল এতিয়াও মথাউৰিত অস্থায়ীভাৱে বাস কৰি আছে। গৃহহীন পৰিয়ালসমূহৰ পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ পাবলৈ পলাশবাৰী আৰু গৰৈমাৰী ৰাজহ চক্ৰত গান্ধীবাদী সংগঠন একতা পৰিষদৰ সহযোগত বহুকেইবাৰ আবেদন দিছে যদিও এই পৰ্যন্ত কোনো পদক্ষেপ লোৱা নাই।

ইয়াৰ বাবে পলাশবাৰী আৰু ছয়গাঁও সমষ্টিৰ অন্তৰ্গত আমবাৰী, মোল্লাটাৰী, কান্দুলীমাৰী আৰু পানিখাইতীত স্থানীয় ৰাইজৰ উদ্যোগত আৰু গান্ধীবাদী সংগঠন একতা পৰিষদৰ সহযোগত আজি দিনৰ প্ৰায় ১১.৩০ বজাত বান গৰাখহনীয়াগ্ৰস্ত লোকক পুনৰ সংস্থাপন আৰু গৰাখহনীয়া ৰোধৰ দাবীত এক প্ৰতিবাদী সমদল উলিয়ায়।

প্ৰতিবাদী সমদলটো পলাশবাৰী সমষ্টিৰ পানীখাইতীৰ পৰা ছয়গাঁও সমষ্টিৰ আমবাৰীলৈ আহি পুনৰ পানীখাইতীলৈ যায়। প্ৰতিবাদকাৰীসকলে হাতত বেনাৰ, ফেষ্টুন আৰু প্লেকাৰ্ড লৈ ‍বান-গৰাখহনীয়া পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, বান-গৰাখহনীয়াগ্ৰস্ত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়ক আদি শ্লোগান দিয়ে। আজি এই প্ৰতিবাদত উপস্থিত আছিল গান্ধীবাদী সংগঠন একতা পৰিষদৰ ৰাজ্যিক সমন্বয়ক ডিম্বেশ্বৰ নাথ, একতা পৰিষদৰ সদস্য তথা স্থানীয় ৰাইজ।

You might also like