নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজৰ প্রতিবাদত সাময়িকভাৱে বিস্ফোৰণ বন্ধ বঙাইগাঁও প্রশাসনৰ

বইটামাৰীৰ শিলঘাগিৰী পাহাৰৰ কোৱেৰীত গোচৰ নিষ্পত্তি নোহোৱাকৈ বিস্ফোৰণৰ অনুমতি

নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ বঙাইগাঁও জিলাৰ বইটামাৰীৰ জনবহুল এলেকাৰ শিলঘাগিৰী পাহাৰৰ এটা শিলৰ কোৱেৰীত জিলা প্রশাসনে মহলদাৰক বিস্ফোৰণৰ অনুমতি প্রদানক লৈ অঞ্চলজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ৰাইজৰ অজ্ঞাতে মহলদাৰে ৰহস্যজনকভাৱে জিলা প্রশাসনৰ অনুমতি উলিয়াই আজি সংগোপনে বিস্ফোৰণৰ চেষ্টা চলায়৷ এই খবৰ লাভ কৰি আজি পুৱাই শতাধিক পুৰুষ–মহিলাই ইয়াৰ প্রতিবাদ সাব্যস্ত কৰে৷ উচ্চপদস্থ আৰক্ষী বিষয়াক অৱগত কৰাত লগে লগে বইটামাৰী আৰক্ষীৰ লগতে ৰাজহ চক্র বিষয়াগৰাকী ঘটনাস্থলীত উপস্থিত হয়৷ চক্র বিষয়াগৰাকীয়ে ৰাইজৰ অভিযোগ শুনাৰ পিছত সাময়িকভাৱে বিস্ফোৰণ বন্ধ কৰাৰ নির্দেশ দিয়ে৷ উল্লেখ্য যে পাহাৰখনৰ এই ১নং কোৱেৰীত বিগত ১৮ জুনত উচ্চ প্রাবল্যৰ ভয়ংকৰ বিস্ফোৰণ সংঘটিত কৰাৰ ফলত কোৱেৰীটোৰ সমীপতে থকা শালবাৰী গাঁৱৰ এখন প্রাথমিক বিদ্যালয়ৰ বিস্তৰ ক্ষতি হোৱাৰ উপৰি আন আন দাঁতিকাষৰীয়া গাঁওসমূহৰো বহু গৃহৰ ক্ষতি হৈছিল৷ সেই সময়ত কোৱাৰেণ্টাইন কেন্দ্র হিচাপে থকা প্রাথমিক বিদ্যালয়খনৰ এনে ক্ষতিৰ ফলত গাঁওবাসী আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে কোৱেৰী বন্ধৰ দাবী জনোৱাৰ লগতে মহলদাৰৰ বিৰুদ্ধে বইটামাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ পাছত আদালতত বিচাৰ নিষ্পত্তি নোহোৱাকৈয়ে কিদৰে জিলা প্রশাসনে কোৱেৰীটোত বিস্ফোৰণৰ অনুমতি দিলে সেয়া ৰহস্যজনক৷ গোচৰটোত মহলদাৰে জামিন লাভ কৰিছিল যদিও সেয়া এক সুকীয়া বিষয় বুলি ৰাইজে মত পোষণ কৰিছে৷ জানিব পৰা মতে প্রীতম নার্জাৰীৰ নামত থকা এই কোৱেৰীটোৰ পৰা এটা ৰে’লপথ নির্মাণৰ দিল্লীৱালা প্রতিষ্ঠানক শিল আৰু পাহাৰৰ মাটি অর্পণ কৰাৰ স্বার্থতে জিলা বন বিষয়া তথা জিলা প্রশাসনে বিস্ফোৰণৰ সেউজ সংকেত দিয়ে৷ ইপিনে এই মহলদাৰগৰাকীৰে পাহাৰখনত আন এটা কোৱেৰী আছিল যদিও ৰাজহ আদায় দিব নোৱাৰা বাবে বন বিভাগে ইতিমধ্যে বন্ধ কৰাৰ নির্দেশনা দিছিল৷ মুঠতে জনবহুল এলেকাৰ এই ঐতিহ্যমণ্ডিত পাহাৰখনত তিনিটা কোৱেৰী আছে৷ ইয়াৰে এটাত পূর্বৰ পৰাই বিস্ফোৰণ চলি আছে৷ অঞ্চলটোৰ জৈৱ–বৈচিত্র্য ধ্বংস কৰা এই কোৱেৰীসমূহ শীঘ্রে বন্ধ কৰিবলৈ ৰাইজে দাবী জনাইছে৷

You might also like