ৰহাৰ কৃষি বিভাগৰ দ্বাৰা আমচৈত ধানৰ কঠীয়া বিতৰণ
নিয়মীয়া বাৰ্তা ১৮ জুলাইঃ আমচৈ অঞ্চলত অতিপাত বৰষুণৰ বাবে পানী জমা হৈ বহুসংখ্যক কৃষকৰ পথাৰৰ ধান পানীৰ তল যায়। ফলত পুনৰ ধান খেতি কৰিবলৈ কৃষকসকলে ধানৰ কঠীয়াৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল। ৰহা কৃষি বিভাগে বানপানী বা অতিপাত বৰষুণৰ বাবে পানীয়ে ধান মৰা কৃষক সকলক এইক্ষেত্ৰত ৰেহাই দিবৰ বাবে ৰহাৰ কৃষি বিভাগে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছিল। কৃষি বিভাগে আমচৈ অঞ্চলৰ বেলগুৰি আৰু চহৰীৰ জ্যোতি কৃষি সহায়ক গোটৰ সৌজন্যত ধানৰ কঠীয়া ৰুই থৈছিল। আজি ১৬ জুলাইত ৰহাৰ কৃষি বিভাগৰ বিষয়া সকলৰ উপস্থিতিত ক্ষতিগ্ৰস্ত কৃষক সকলৰ মাজত সেই কঠীয়া বিতৰন কৰা হয়। এই কঠীয়াসমূহ বিতৰন কার্যৰ শুভাৰম্ভ কৰে ৰহাৰ মহকুমা কৃষি বিষয়া বিমলা প্ৰসাদ দেউৰী, কৃষি পৰিদর্শক বুধীন কুমাৰ দাস আৰু কৃষি সম্প্ৰসাৰণ সহায়ক শৰৎ দেউৰীয়ে।