নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৈক্ষিক স্খলনঃ ৰাইডাংজুৰি উঃ মাঃ বিদ্যালয়ৰ দুই ছাত্ৰৰ মাৰপিটত এজন আঘাতপ্ৰাপ্ত

 শৈক্ষিক পৰিৱেশ বিনষ্টকাৰী উদণ্ড ছাত্রৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : তিতাবৰ মহকুমাৰ নগাবাট অঞ্চলৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান ৰাইডাংজুৰি-নগাবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুজন ছাত্ৰৰ মাজত হোৱা মাৰপিটৰ ঘটনাই আজি নগাবাটৰ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ৰাইডাংজুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হায়াৰ ছেকেণ্ডেৰীৰ দ্বিতীয় বৰ্ষৰ দুই ছাত্র ক্ৰমে কপিল গগৈ আৰু সুৰুজ গগৈৰ মাজত সামান্য কথাতে কাজিয়াৰ সূত্ৰপাত হয়। পিছত ছাত্ৰদ্বয়ে বিদ্যালয়ৰ ছুটীত বিদ্যালয়খনৰ পৰা প্ৰায় এশ মিটাৰ দূৰত্বত থকা ৰাইডাংজুৰি তিনিআলিলৈ আহি পুনৰ কাজিয়াত লিপ্ত হয়। ছাত্ৰদ্বয়ৰ কাজিয়া ইমানেই বৃদ্ধি পায় যে ৰ’ড, কাঠ আদি আনি মাৰিবলৈ উদ্যত হোৱা এক পৰিস্থিতিৰ উদ্ভয় হয় বুলি একাংশ প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা গৈছে।

কাজিয়াৰ মাজতে ছাত্ৰ কপিলৰ ৰাইডাংজুৰি তিনিআলিৰ সমীপতে দোকান দি থকা এজন ককায়েক মিণ্টু গগৈ আহি আক্ৰমণত নামি পৰাত সুৰুজ গগৈ গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত ছাত্র সুৰুজ গগৈৰ মাতৃ ফাগুনী গগৈয়ে ৰাইডাংজুৰি শুকানজানৰ মিণ্টু গগৈ আৰু ছাত্র কপিল গগৈৰ বিৰুদ্ধে নগাবাটস্থিত পানীখেতি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত পানীখেতি আৰক্ষীয়ে লগে লগে অভিযুক্ত মিণ্টু গগৈ আৰু ছাত্র কপিল গগৈক বিচাৰি যোৱাত মিণ্টু গগৈয়ে আৰক্ষী অহাৰ উমান পাই দোকান বন্ধ কৰি পলায়ন কৰে। ঘৰত ছাত্র কপিলক পাই পানীখেতি আৰক্ষী চকীলৈ লৈ আহে।

উল্লেখ্য যে শৈক্ষিক ক্ষেত্ৰৰ বিভিন্ন দিশত সুনাম দখল কৰি অহা নগাবাটৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰাইডাংজুৰি-নগাবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এনে একাংশ উদণ্ড তথা অনুশাসন নমনা ছাত্ৰই বিদ্যালয়খনৰ দীৰ্ঘদিনীয়া সুনাম বিনষ্ট কৰা কাৰ্য অতি নিন্দনীয় বুলি স্থানীয় সচেতন মহলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এইক্ষেত্ৰত বিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ লগতে আৰক্ষী প্ৰশাসনক তৎকালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নগাবাটৰ সচেতন ৰাইজে সাজোৰে দাবী জনাইছে।

Input: অজয় শইকীয়া, নগাবাট

You might also like