ৰামায়ণ–মহাভাৰতে প্রথম আৰু বিশুদ্ধ সাহিত্যঃ দিগন্ত বিশ্ব শর্মা
নিয়মীয়া বাৰ্তা ২১ অক্টোবৰঃ অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ উদ্যোগত বুধবাৰে অসম সাহিত্য সভাৰ নেহা আগৰৱালা ভৱনত বাল্মীকি দিৱসৰ লগতে সাহিত্য অকাডেমিৰ অনুবাদ বঁটা বিজয়ী দিগন্ত বিশ্ব শর্মাৰ লগত অন্তৰংগ আলাপ অনুষ্ঠানটো এক গাম্ভীর্যপূর্ণ পৰিৱেশত অনুষ্ঠিত হয়৷ কবিতা পাঠৰ কার্যসূচীও অনুষ্ঠিত হয়৷ পৰিষদৰ সভাপতি ধীৰেন শর্মাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে মহর্ষি বাল্মীকিৰ বিষয়ত তত্ত্বগধুৰ ভাষণ দিয়ে৷ দশৰথৰ এগৰাকী কন্যা শান্তাৰ বিশ্বমৃগাংক ঋষিৰ লগত বিয়া হোৱাৰ কথা ভাষণত উল্লেখ কৰে৷ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা বিজয়ী, সুবক্তা, লেখক, অনুবাদক দিগন্ত বিশ্ব শর্মাক অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ তৰফৰ পৰা প্রদান কৰা হয় এখন অভিনন্দন পত্র৷
অভিন্দন গ্রহণ কৰি শর্মাই অন্তৰংগ আলাপ অনুষ্ঠানটোৰ জৰিয়তে ৰামায়ণ, মহাভাৰতৰ কথা উল্লেখ কৰি এই ৰামায়ণ, মহাভাৰতেই প্রথম আৰু বিশুদ্ধ সাহিত্য বুলি উল্লেখ কৰে৷ তেওঁ শ্রীমদ্ভাগৱদ গীতাৰ তাৎপর্য, অৰবিন্দৰ অসাধাৰণ প্রতিভা, সংগ্রামী জীৱন আদি ভাষণত উল্লেখ কৰে৷ ড০ দেৱেন চন্দ্র দাস আৰু অধ্যাপক, বিশিষ্ট সাহিত্যিক ভবানীপ্রসাদ অধিকাৰীয়ে ভাষণ দিয়ে৷ সচিবপ্রধান কমল কলিতাই সভাৰ আঁত ধৰে৷ ড০ দয়ানন্দ পাঠক, বিপুল ডেকা আদিয়ে অন্তৰংগ আলাপ অনুষ্ঠানত ভাগ লয়৷ মৃণালিনী দেৱী, বিৰজা দেৱী, অণিমা মেধি, মণিৰাম দাস, বিপুল ডেকা আদিয়ে কবিতা পাঠ কৰে৷