নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঁটা বা সন্মানে মোক অধিক সৃষ্টিশীল হ’বলৈ বাধ্য কৰি তোলে

নিজ বাসগৃহত ‘ৰণাংগন সন্মান’ গ্রহণ কথাশিল্পী হোমেন বৰগোহাঞিৰ

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ ২০২০ বর্ষৰ ‘ৰণাংগন সন্মান’ কালি প্রদান কৰা হয় যশস্বী সাহিত্যিক, চিন্তাবিদ, সাংবাদিক হোমেন বৰগোহাঞিক৷ আনহাতে, ‘ৰণাংগন সন্মান–২০২০’ গ্রহণ কৰি প্রথিতযশা সাহিত্যিকগৰাকীয়ে কয়– ‘বঁটা বা সন্মানে মোক অধিক সৃষ্টিশীল হ’বলৈ বাধ্য কৰি তোলে, দায়বদ্ধ কৰি তোলে৷’ সাহিত্যিকগৰাকীৰ গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত বাসভৱনত এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত বঁটাটো প্রদান কৰা হয়৷ বঁটা গ্রহণ কৰি প্রথিতযশা সাহিত্যিক বৰগোহাঞিয়ে লগতে কয়– ‘মোৰ গৃহত ইমান লোকৰ পদধূলা পৰাটোৱেই মোৰ বাবে পুৰস্কাৰ, মই ধন্য হ’লোঁ৷’ উল্লেখ্য যে ‘ৰণাংগন সন্মান’ প্রদান অনুষ্ঠানত বৰগোহাঞিক পাটৰ চেলেং, গামোচা, শৰাই, প্রশস্তি পত্র, গ্রন্থৰ টোপোলা, নগদ দহ হাজাৰ টকা আৰু এটা স্মাৰকেৰে সন্মানিত কৰা হয়৷

‘ৰণাংগন সন্মান’ৰ বিশেষ স্মাৰকটো প্রদান কৰে সু–লেখক তথা ইংৰাজী সাহিত্যৰ পণ্ডিত ড০ দয়ানন্দ পাঠকে৷ স্মাৰক প্রদান কৰি ড০ পাঠকে কয়– ‘এই বঁটাৰে হোমেন বৰগোহাঞি ধন্য হোৱা নাই, বঁটাটোহে ধন্য হ’ল৷ এনে এজন প্রসিদ্ধ ব্যক্তিক ‘ৰণাংগন সন্মান’ৰ বাবে নির্বাচিত কৰাটোৱেই উচিত পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ তেওঁ এগৰাকী নিজস্ব চিন্তাচর্চা, ধ্যান–ধাৰণাৰে পৰিচালিত, কাৰো দ্বাৰা বিচলিত নোহোৱা চিন্তাবিদ৷ কেইবাটাও প্রজন্মক তেওঁ জ্ঞাতসাৰেই হওক, অজ্ঞাতসাৰেই হওক, উদ্বুদ্ধ কৰি ৰাখিছে৷’ উল্লেখ্য যে যোৱা বর্ষৰ এপ্রিলতে এই বঁটা প্রদান কৰাৰ কথা আছিল যদিও লকডাউনৰ বাবে বঁটা প্রদান কার্যসূচী স্থগিত ৰাখিব লগা হয়৷ অনুষ্ঠানত ৰণাংগনৰ সম্পাদনা উপদেষ্টা শিৱপ্রসাদ বৰা, সম্পাদক মিণ্টু দাস, পৰিচালন সম্পাদক সঞ্জীৱ বৰা, ষ্টাফ ৰিপ’টাৰদ্বয় চালাহউদ্দিন, দীপেন শইকীয়া উপস্থিত থাকে৷

You might also like