আমচৈ অঞ্চলৰ গাঁৱত পুনৰ বনৰীয়া হাতীৰ প্রৱেশ
নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ আমচৈ অঞ্চলত থকা ধাননি পথাৰসমূহত ধানৰ গেঁৰ লগা আৰু কিছু কিছু অংশত ধান পকিবলৈ আৰম্ভ কৰাৰ সময়তে বিশেষকৈ দাপনিবড়ী আৰু বেলতলা অঞ্চলৰ গাঁৱসমূহত প্ৰায় ডেৰমাহ বিৰতিৰ পাছত বনৰীয়া হাতী পুনৰ প্রৱেশ কৰিবলৈ আৰম্ভ কৰি দিছে।
কাতি বিহুৰ নিশা তিনিটা বনৰীয়া হাতী দক্ষিণ দিশত থকা খোলাহাট বনাঞ্চলৰ পৰা ওলাই আহি দাপনিবড়ী অঞ্চলৰ ধাননি পথাৰত ধান খাই ধাননি পথাৰে পথাৰে পূবলৈ আহি বেলতলা গাঁৱৰ উত্তৰ দিশত থকা ধাননি পথাৰত ধান খোৱাৰ পিছত পুৱতিনিশা তিনিটা মান বজাত বেলতলা গাঁৱৰ মাজেৰে দক্ষিণ দিশলৈ আহি আমচৈ চাহ বাগিচাৰ মাজেদি গৈ পুনৰ খোলাহাট বনাঞ্চললৈ উভতি যায়।
প্রত্যক্ষ দর্শীসকলৰ মতে এই তিনিটা বনৰীয়া হাতীৰ ভিতৰত এটা বনৰীয়া হাতী যথেষ্ট ডাঙৰ। ইমান ডাঙৰ আৰু বৃহৎ আকাৰৰ বনৰীয়া হাতী আমচৈ অঞ্চলত প্রথম দৃষ্টিগোচৰ হৈছে।