নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’ড জ’নত ক’ভিডৰ পৰীক্ষা ক্ষিপ্র কৰাৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ ‘বিধায়ক আৱাসৰ মেৰামতিৰ কাম চলি আছে৷ সেয়ে বর্তমানলৈকে নতুন বিধায়কে নিজৰ আৱাসত প্রৱেশ কৰিব পৰা নাই৷ কিন্তু অখিল গগৈয়ে নিজকে বিশেষ কেটেগৰীৰ বিধায়ক বুলি ভাবে৷ সেয়ে তেওঁৰ অভিযোগ বেছি৷’ –শনিবাৰে নগাঁৱত জিলা প্রশাসনৰ সৈতে হোৱা এক পর্যালোচনা বৈঠকৰ অন্তত সংবাদ  মাধ্যমৰ আগত বিধায়ক অখিল গগৈক এইদৰে কটাক্ষ কৰে নগাঁৱৰ অভিভাৱক মন্ত্রী পীয়ূষ হাজৰিকাই৷ মন্ত্রীগৰাকীয়ে লগতে কয়– ‘অখিল গগৈৰ গুৱাহাটীত নিজা ঘৰ আছে৷ বিধায়ক আৱাসৰ মেৰামতি সম্পূর্ণ নোহোৱালৈকে তেওঁ তাত থাকিব পাৰে৷ আন নতুন বিধায়কেও বিধায়ক আৱাসত প্রৱেশ কৰিব পৰা নাই৷ কিন্তু কোনেও অভিযোগ কৰা নাই এইদৰে৷’

আনহাতে, কালি নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত পীয়ূষ হাজৰিকাৰ কথা মই নকওঁ বুলি অখিল গগৈয়ে কৰা মন্তব্য সন্দর্ভত পীয়ূষ হাজৰিকাই কয়– ‘অখিল গগৈয়ে ২০১১ চনৰে পৰা মোৰ বিৰুদ্ধে কৈ আছে৷ ২০১১ত ৰহাত সভা পাতি মোক ভোট নিদিবলৈ কৈছিল৷ আকৌ ২০১৬তো জাগীৰোডত সভা পাতি মোক ভোট নিদিবলৈ কৈছিল৷ কিন্তু নোৱাৰিলে৷ সেই সময়ত তেওঁৰ ওচৰত মই গুৰুত্বপূর্ণ মানুহ আছিলোঁ৷ আজি গুৰুত্বহীন হ’লোঁ৷ তেওঁ কথাবোৰ পাহৰি যায়৷’

ইপিনে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বান পৰিস্থিতিৰ সম্পর্কে সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত মন্ত্রীগৰাকীয়ে কয়– ‘কাজিৰঙাৰ পাৰিপার্শ্বিক অৱস্থাই বানপানী হোৱাটো বিচাৰে৷ কাজিৰঙাৰ কেইটামান স্থানত ব্রহ্মপুত্রৰ খহনীয়া প্রতিৰোধ কৰিব লাগিব৷ কিন্তু কাজিৰঙাত বানপানী বন্ধ কৰা উচিত নহ’ব৷’ ইপিনে ৰেকিবুদ্দিন আহমেদৰ লগত পুৱা চাইকেল চলোৱাৰ লগত ৰেকিবুদ্দিনে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে নেকি বুলি সোধা প্রশ্ণৰ উত্তৰত মন্ত্রী পীয়ূষ হাজৰিকাই কয়– ‘তেনেকুৱা একো নাই৷ এম এল এ হোষ্টেলৰ ভিতৰত কোনো কংগ্রেছ–বিজেপি নাই৷’

অৱশ্যে মন্ত্রী হাজৰিকাই কংগ্রেছৰ বহুকেইজন নেতা–কর্মীয়ে বিজেপিত যোগদান কৰিবলৈ কথা পাতি আছে বুলি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কৰা মন্তব্য সন্দর্ভত সাংবাদিকে উনুকিয়াই দিয়াত এই সম্পর্কে মন্তব্য কৰাৰ পৰা বিৰত থাকে৷ নগাঁও জিলাৰ উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত আজি নগাঁও জিলাৰ অভিভাৱক মন্ত্রী তথা অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্রী হাজৰিকাই উপায়ুক্ত কবিতা পদ্মনাভন আৰু আৰক্ষী অধীক্ষক আনন্দ মিশ্রকে প্রমুখ্য কৰি জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগত এক পর্যালোচনা সভাত মিলিত হয়৷

মন্ত্রীগৰাকীয়ে জিলাখনৰ বর্তমান ক’ভিড পৰিস্থিতিৰ বুজ লয়৷ ক’ভিড ভেকচিন প্রদানৰ লগতে ক’ভিডৰ সংক্রমণ ৰোধ কৰিবলৈ বিশেষকৈ জিলা প্রশাসনে নির্ধাৰণ কৰা ৰেড জ’নসমূহত ক’ভিডৰ পৰীক্ষা তীব্রতৰ কৰি তুলিবলৈ তেওঁ প্রশাসনক নির্দেশ দিয়ে৷ প্রয়োজন সাপেক্ষে অধিক ক’ভিড আক্রান্ত অঞ্চলসমূহত আইন–শৃংখলাৰ ক্ষেত্রত কঠোৰ হ’বলৈ জিলা আৰক্ষী অধীক্ষকগৰাকীক নির্দেশ দিয়ে৷ জিলাখনৰ অধিক ক’ভিড আক্রান্ত ৰোগী থকা অঞ্চল ৰহাত ক’ভিড পৰীক্ষা আৰু ক্ষিপ্রতৰ কৰিবলৈ মন্ত্রীগৰাকীয়ে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক নির্দেশ দিয়ে৷ লগতে তেওঁ নিজে এই ব্যৱস্থাৰ নিৰীক্ষণ কৰিব বুলি উল্লেখ কৰে৷

মন্ত্রীজনে এই পর্যালোচনা সভাতে জিলাখনত চলি থকা জল জীৱন মিছনৰ প্রকল্পসমূহৰ কামৰ অগ্রগতিৰ বুজ লয়৷ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলক তেওঁলোকৰ ক্ষেত্রসমূহ পৰিদর্শন কৰিবলৈ নির্দেশ দিয়ে৷ উল্লেখ্য যে আজিৰ এই পর্যালোচনা সভাত নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শর্মা, বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, জিলাখনৰ অভিভাৱক সচিব ৰাজেশ প্রসাদকে প্রমুখ্য কৰি জিলাখনৰ বিভিন্ন বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like