গোলাঘাটৰ উপায়ুক্তক তাৎক্ষণিকভাৱে বদলি
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ ৰাজ্যত বর্তমানেও ভয়াৱহ ৰূপত অব্যাহত থকা ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধকল্পে অধিক কঠোৰ হৈছে ৰাজ্য চৰকাৰ৷ ক’ভিড ব্যৱস্থাপনাত ব্যর্থতাৰ বাবেই গোলাঘাট জিলাৰ উপায়ুক্ত ভাৰতীয় প্রশাসনীয় সেৱাৰ বিষয়া মানৱেন্দ্র প্রতাপ সিঙক বদলি কৰা হৈছে৷ প্রায় এমাহ পূর্বে গোলাঘাটৰ উপায়ুক্ত হিচাপে দায়িত্ব গ্রহণ কৰা সিঙৰ ভুল সিদ্ধান্ত তথা অব্যৱস্থাপনাৰ বাবেই জিলাখনত ক’ভিড–১৯ৰ সংক্রমণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ অভিযোগ উঠাৰ পাছত শুকুৰবাৰে কর্মচাৰী বিভাগে বদলিৰ নির্দেশনা জাৰি কৰে৷
নির্দেশনা অনুসৰি সিঙক উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব হিচাপে বদলি কৰাৰ বিপৰীতে তেওঁৰ স্থলাভিষিক্ত কৰা হৈছে বজালীৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাক৷ লগতে সাধাৰণ প্রশাসন বিভাগৰ সচিব ভাৰত ভূষণ দেৱচৌধুৰীক বজালীৰ উপায়ুক্তৰ দায়িত্ব দিয়া হৈছে৷ উল্লেখ্য যে প্রায় এমাহ পূর্বে গোলাঘাটৰ উপায়ুক্ত পদত অধিষ্ঠিত হোৱা সিঙৰ বদলিৰ নির্দেশক লৈ ব্যাপক চর্চা হৈছে গোলাঘাট জিলাত সর্বত্র৷
চর্চা অনুসৰি সিঙে উপায়ুক্ত হিচাপে যোগদান কৰাৰ পাছতে গোলাঘাট জিলাত ক’ভিড–১৯ৰ সংক্রমণে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰে৷ তদানীন্তন উপায়ুক্ত বিভাষ চন্দ্র মোদীয়ে গোলাঘাট জিলাত ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধকল্পে বিভন্ন ধৰণৰ কার্যকৰী পদক্ষেপ গ্রহণ কৰিছিল৷ যাৰ বাবে ৰাজ্যিক হাৰৰ তুলনাত গোলাঘাট জিলাৰ ‘পজিটিভিটী’ কম আছিল৷ পিছে প্রায় এমাহ পূর্বে সিঙে উপায়ক্ত পদত যোগদান কৰাৰ পাছত গোলাঘাট জিলাৰ ক’ভিড ব্যৱস্থাপনাত অৰাজকতাৰ সৃষ্টি হয়৷
ক’ভিড নীতি–নির্দেশনা উলংঘাৰ ঘটনা প্রতিদিনে বৃদ্ধি পোৱা সত্ত্বেও শীত–তাপ নিয়ন্ত্রিত কোঠাৰ পৰাই পৰিস্থিতি নিয়ন্ত্রণ কৰিব বিচৰা উপায়ুক্ত সিঙৰ কেতবোৰ ভুল সিদ্ধান্তৰ বাবেই জিলাখন কার্যতঃ ক’ভিড–১৯ৰ ‘হটস্পট’লৈ পর্যবসিত হৈ পৰে৷ কেৱল বিষয়া–কর্মচাৰী, চিকিৎসকক ডাবি–ধমকিৰে ক’ভিড নিয়ন্ত্রণ কৰিব বিচৰা উপায়ুক্ত সিঙৰ প্রায় এমহীয়া কার্যকালত জিলাখনত পজিটিভিটীৰ হাৰ ১৮ শতাংশলৈ বৃদ্ধি হয়৷ গোলাঘাট জিলাবাসীক এক ভয়ংকৰ পৰিৱেশলৈ ঠেলি দিয়া জিলা উপায়ুক্ত সিঙে ৰাজ্য চৰকাৰকো ফাঁকি দিয়াৰো অভিযোগ উঠিছে৷
গোলাঘাট জিলাৰ তিনিটা মহকুমা ক্রমে গোলাঘাট, বোকাখাত আৰু সৰুপথাৰ৷ এই তিনি মহকুমাৰ ভিতৰত উপায়ুক্তই বোকাখাত মহকুমাত আক্রান্তৰ হাৰ বৃদ্ধি পোৱা বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰক অৱগত কৰে যদিও গোলাঘাট মহকুমাত আক্রান্তৰ হাৰ নগণ্য বুলি তথ্য দিয়ে৷
উপায়ুক্ত সিঙে অৱগত কৰাৰ ভিত্তিতেই বোকাখাত মহকুমাক টোটেল কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছিল ৰাজ্য চৰকৰে৷ কিন্তু তাৎপর্যপূর্ণ কথা এয়ে যে যিদিনা বোকাখাত মহকুমাক ১০১জন আক্রান্তক লৈ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছিল, সেই একেটা দিনতে গোলাঘাট মহকুমাত আক্রান্তৰ সংখ্যা হৈছিল ১৭৮জন৷ কিন্তু উক্ত দিনা ৰাজ্য চৰকাৰক গোলাঘাট মহকুমাত আক্রান্তৰ এটা ভুল তথ্য প্রদান কৰি জিলাখনক এক ভয়ানক বিপদলৈ ঠেলি দিয়ে উপায়ুক্ত সিঙে৷ কেৱল ডাবি–ধমকিৰে প্রশাসনযন্ত্র পৰিচালনা কৰিব বিচৰা উপায়ুক্ত সিঙক বদলি কৰাত জিলাখনৰ সর্বস্তৰৰ জনসাধাৰণে সন্তুষ্টি প্রকাশ কৰিছে৷