নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ পিঠিত উঠি ৰিপুণ বৰা মুখ্যমন্ত্রী হ’ব বিচাৰিছেঃ ধেমাজিত ড০ শর্মা

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ এইবাৰ নির্বাচনত কংগ্রেছক ভোট দিয়া মানে আজমলক দিয়া৷ কংগ্রেছে সকলো বাদ দি আজমলক উঠাই ল’লে৷ ৰিপুণ বৰাই বদৰুদ্দিন আজমলৰ পিঠিত উঠি মুখ্যমন্ত্রী হ’ব বিচাৰিছে ৷ অসমৰ ১২খন জিলাত আমি সংখ্যালঘু হ’লোঁ৷ –এই মন্তব্য অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

শনিবাৰে ধেমাজিৰ এক বিশাল নির্বাচনী প্রচাৰ সভাত বিশ সহস্রাধিক লোকক সম্বোধি দিয়া নির্বাচনী ভাষণত এই মন্তব্য কৰি বিৰোধী কংগ্রেছ আৰু বদৰুদ্দিন আজমলক তীব্র সমালোচনা কৰে ড০ শর্মাই৷ কংগ্রেছ দলে সূতা–কম্বলৰ ৰাজনীতি এৰি এইবাৰ হাতৰ ছবি বাদ দি বদৰুদ্দিনৰ লুঙিত ধৰা বুলি তেওঁ কটাক্ষ কৰে৷ বিয়লি প্রায় চাৰি বজাত হেলিকপ্টাৰেৰে আহি ধেমাজি নগৰৰ সমীপৰ তেলীজানত ধেমাজি সমষ্টিৰ বিজেপি প্রার্থী ডাঃ ৰণোজ পেগুৰ নির্বাচনী সভাখনত ভাষণ দিয়াৰ পূর্বে ‘আকৌ এবাৰ মোদী চৰকাৰ’ শীর্ষক গীতৰ তালে তালে মঞ্চতে নাচি উপস্থিত ৰাইজক আমোদ দিয়ে মন্ত্রীজনে৷

ভাষণত এআইইউডিএফ–কংগ্রেছ শাসনলৈ আহিলে ধর্মীয় শিক্ষাৰ মাদ্রাছা পুনৰ খুলিব বুলি আজমলে কৰা মন্তব্যৰ উত্তৰত আজমলক মেডিকেল–শিক্ষানুষ্ঠা আদি নালাগে বুলি সমালোচনা কৰে৷ মন্ত্রী ড০ শর্মাই বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰি ২০২২ চনৰ মার্চ মাহৰ আগতে অসমৰ ১ লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়া হ’ব বুলি প্রতিশ্রুতি দিয়ে৷ ভাষণত ৰাজ্যৰ মহিলাসকলে মাইক্র’ফাইনেঞ্চৰ কোম্পানীৰ পৰা ঋণ লৈ হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ বিষয়ে উল্লেখ কৰি এইবোৰ কোম্পানীৰ পৰা ঋণ লোৱা দুখীয়া মহিলাসকলৰ ঋণ চৰকাৰে আদায় দিব বুলি পুনৰ ঘোষণা কৰে৷

ধেমাজি নগৰৰ বাট–পথ আদি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ১০০ কোটি টকা অনুমোদন জনোৱা বুলি মন্ত্রী ড০ শর্মাই উল্লেখ কৰি আহোমৰ দ্বিতীয় ৰাজধানী ধেমাজিস্থিত হাবুঙক অসমৰ লগতে বিশ্ববিখ্যাত স্থলী হিচাপে ৰূপান্তৰিত কৰাৰ বাবে ৫৫ কোটি টকা দিয়া হ’ব বুলি নির্বাচনী সভাত প্রতিশ্রুতি দিয়ে৷

ধেমাজিত প্রতিষ্ঠা হ’ব লগা নতুন মেডিকেল কলেজত তৃতীয় আৰু চতুর্থ শ্রেণীৰ কর্মচাৰীৰ চাকৰি ধেমাজিৰ স্থানীয় যুৱক–যুৱতীয়ে লাভ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে ধেমাজিত বিগত ৪০ বছৰে নোহোৱা উন্নয়ন বিজেপি চৰকাৰে চাৰিটা বছৰতে সম্পূর্ণ কৰিলে৷ ধেমাজিত কংগ্রেছ দলে প্রার্থী নাপাই এজন বিজেপিৰ নেতাকেই প্রার্থিত্ব দিয়া বুলি কটাক্ষ কৰি এইবাৰ ধেমাজিৰ ৰাইজক ডাঃ ৰণোজ পেগুক জয়ী কৰাবলৈ আহ্বান জনায়৷ ৰণোজ পেগুৱে অসমৰ ৰাজনীতিত গুৰুত্বপূর্ণ দায়িত্ব ল’বলৈ গৈ আছে বুলি ভাষণত ড০ শর্মাই ইংগিতপূর্ব মন্তব্য কৰে৷

You might also like