জামুগুৰি-কুৰুৱাবাহী ৰাজ্যিক পথৰ কাষত গছপুলি ৰোপণঃ ৰামকৃষ্ণ বিবেকানন্দ সেৱা সমিতি-প্ৰকৃতিপ্ৰেমী স্বপন চৌধুৰীৰ উদ্যোগ
বিশেষ বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ শ্ৰীৰামকৃষ্ণ বিবেকানন্দ সেৱা সমিতি হয়বৰগাঁও নগাঁৱৰ উদ্যোগত আজি বেবেজীয়া-চিধা মৰিগাঁও পথৰ জামুগুৰিৰ পৰা কুৰুৱাবাহীলৈ যোৱা ৰাজ্যিক পথচোবাৰ দুয়োকাষে পথচাৰী সকলৰ সুবিধা হব পৰাকৈ প্ৰায় শতাধিক গছপুলি ৰোপন কৰে ৷ গছপুলি ৰোপনৰ এই কাৰ্যসূচীটি শুভ উদ্বোধন কৰে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই৷ আজিৰ এই বৃক্ষ ৰোপণ অনুষ্ঠানত উপস্থিত থাকে জামুগুৰি শাখা কবি সন্মিলনৰ সম্পাদক নন্দেশ্বৰ নাথ, সমাজ কৰ্মী গম্ভীৰ নাথ, ধেনুৰাম নাথ, পুনাৰাম নাথ, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সহকাৰী সম্পাদক খগেন চন্দ্ৰ নাথ, সমাজ কৰ্মী প্ৰদীপ বৰদলৈ, বিৰেণ নাথ, কামেশ্বৰ নাথ, শুকুৰাম বৰুৱা, শ্যামল ৰয়, সোকোমাৰ সুত্ৰধৰ, ভৱেন দত্ত বৰুৱা, ছমিৰ দেৱনাথ, দিপেন্দ পাঠক, পৰমেশ চৌধুৰী, বিশাল চৌধুৰী, সত্যব্ৰত চৌধুৰী, ৰাজিপ স্বাহাকে ধৰি বহু লোক উপস্থিত থাকে।
প্ৰেৰক কনক হাজৰিকা