কম দিনতে সলনি হ’ব প্রদেশ কংগ্রেছৰ নেতৃত্বঃ ৰূপজ্যোতি কুর্মী
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ তিৱা স্বায়ত্ত পৰিষদৰ নির্বাচনৰ নির্বাচনী প্রচাৰৰ আজি অন্তিমটো দিনত প্রতিটো ৰাজনৈতিক দলেই নিজ নিজ প্রার্থীৰ হৈ শক্তি প্রদর্শনত নামি পৰে৷ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে নিজেই গাডী চলাই বঢ়মপুৰৰ বামুণীত উপস্থিত হ’ল৷ নিজেই চালকৰ আসনত বহি গাডী চলাই বামুণীৰ অলিয়ে–গলিয়ে বিধায়কগৰাকীয়ে ৩১নং লালুংপাৰ সমষ্টিৰ কংগ্রেছ দলৰ প্রার্থী ৰঞ্জিত বসুমতাৰীৰ হৈ প্রচাৰ চলায়৷
বিধায়কগৰাকীয়ে কেইবাখনো নির্বাচনী প্রচাৰ সভাত অংশ লৈ প্রদেশ কংগ্রেছৰ সম্পাদক সুৰেশ বৰাক লগত লৈ পথৰ কাষৰ হোটেলত চাহ খায়৷ বিধায়ক ৰূপজ্যোতি কুর্মীক কাষত পায় উৎফুল্ল হৈ পৰিল স্থানীয় ৰাইজ৷ ঝুমুৰৰ তালে তালে আৰু গীতৰ তালে তালে নাচি–বাগি কেইবাখনো নির্বাচনী প্রচাৰত অংশ লৈ ৰাইজক উদ্দেশ্যি ভাষণ প্রদান কৰি বিধায়ক ৰূপজ্যোতি কুর্মীয়ে সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য কৰে৷ তিৱা স্বায়ত্ত পৰিষদ এইবাৰ কংগ্রেছ দলে গঠন কৰিব বুলি মন্তব্য কৰাৰ লগতে প্রদেশ কংগ্রেছৰ নেতৃত্ব সন্দর্ভত কয় যে অতি কম দিনতে প্রদেশ কংগ্রেছৰ নেতৃত্ব সলনি হ’ব৷ ইতিমধ্যেই প্রাৰম্ভিক কাম–কাজ আৰম্ভ হৈছে বুলি মন্তব্য কৰাৰ লগতে ২১ৰ নির্বাচনত নতুন নেতৃত্বৰ জৰিয়তে কংগ্রেছ দল নির্বাচনত অৱতীর্ণ হ’ব বুলি তেওঁ কয়৷