নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেক কটাটো পাশ্চাত্য সংস্কৃতি, বন্তি প্ৰজ্বলন কৰি জন্মদিন পালন কৰাটোহে ভাৰতীয় সংস্কৃতি : মৃণালিনী দেৱী

পাণ্ডুনাথ দেৱালয়ত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন পালন

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী : জালুকবাৰী সমষ্টিকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ৫৩সংখ্যক জন্মদিন তেওঁৰ অনুৰাগীসকলে বিভিন্ন কাৰ্যসূচীৰে পালন কৰা পৰিলক্ষিত হয় । ইয়াৰ মাজতে ২০০৩ চনৰ পৰা একেৰাহে পালন কৰি অহাৰ দৰে গুৱাহাটীৰ পাণ্ডুস্থিত ঐতিহাসিক পাণ্ডুনাথ দেৱালয় প্ৰাংগণত ডঃ হিমন্ত বিশ্ব শৰ্মা জন্মদিন উদযাপন কমিটীৰ উদ্যোগত আজি সন্ধিয়া ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন সমূহীয়াভাৱে বন্তি প্ৰজ্বলনৰে জন্মদিন পালন কৰা হয় । পুত্ৰৰ মংগল কামনা কৰি এগছি বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীৰ মাতৃ আৰু অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে ।

এই উপলক্ষে উদযাপন কমিটীৰ সাধাৰণ সম্পাদক নিমাই চন্দ্ৰ দাসে আঁত ধৰা অনুষ্ঠানত মৃণালিনী দেৱীয়ে কয়- আজিকালি বেছিভাগেই কেক কাটি নিজৰ সন্তানৰ জন্মদিন পালন কৰে । কিন্তু কেক কাটি জন্মদিন পালন কৰাটো ভাৰতীয় নহয়, ই পাশ্চাত্য সংস্কৃতিৰহে অংগ । কিন্তু সন্তানৰ মংগল কামনা কৰি বন্তি জ্বলাই জন্মদিন পালন কৰাটোহে ভাৰতীয় সংস্কৃতি । আনহাতে জালুকবাৰী সমষ্টিৰ পৰা যাতে নিজ পুত্ৰ হিমন্তৰ দৰে হাজাৰজন হিমন্ত জন্ম লাভ কৰে তাৰ বাবে তেওঁ আশা ব্যক্ত কৰে ।

অনুষ্ঠানত কুমুদ বৈশ্য , ৰাণা বশিষ্ঠ, বৰ্ণালী কপিল, জন্মদিন উদযাপন কমিটিৰ কাৰ্যকৰী সভাপতি ভূপতি শৰ্মাকে ধৰি কেইবাজনেও চমু ভাষণত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য , দীৰ্ঘায়ু আৰু মংগল কামনা কৰি তেওঁৰ নেতৃত্বত অসম দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হব বুলি আশা প্ৰকাশ কৰে ।

অনুষ্ঠানত জন্মদিনৰ লগত সংগতি ৰাখি ৩০ জানুৱাৰীত দুটা শাখাত ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটাসমূহ বিতৰণ কৰা হয় । ইয়াৰ উপৰি অনুষ্ঠানৰ পূৰ্বে অঞ্চলটোৰ শতাধিক কণ কণ শিশুয়ে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মংগল কামনা কৰি আৰতি আৰু সমূহীয়াভাবে প্ৰাৰ্থনা জনায় ।

প্ৰেৰক অমল কলিতা

You might also like