ছয়গাঁও আৰক্ষীয়ে ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ পৰা উদ্ধাৰ কৰিলে তিনি কিশোৰী আৰু এগৰাকী যুৱতী
নিয়মীয়া বাৰ্তা, ২৪ জুন : ছয়গাঁও আৰক্ষীৰ বৃহৎ সাফল্য ৷ ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ পৰা উদ্ধাৰ তিনি কিশোৰী আৰু এগৰাকী যুৱতী ৷ কিশোৰী তিনি গৰাকী আৰু যুৱতী গৰাকীৰ ঘৰ ছয়গাঁৱৰ মাজগুমিত ৷ আনহাতে যুৱতী গৰাকীৰ নাম হ’ল সূৰ্য ভানু ৷ ছয়গাঁও আৰক্ষীয়ে চাৰিওগৰাকীকে বিগত দিনকেইটাত ৰাজস্থান আৰু উত্তৰ প্ৰদেশত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জানিবপৰামতে যোৱা মাহত ছয়গাঁৱৰ মাজগুমিৰ পৰা উক্ত তিনিগৰাকী কিশোৰী আৰু যুৱতী গৰাকী নোহোৱা হয় ৷ এই সন্দৰ্ভত মাজগুমি গাঁৱৰ আজাহাৰ আলী নামৰ লোকজনে যোৱা এক জুনত ছয়গাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷
সেই মৰ্মে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলোৱা অভিযানত যোৱা তিনি জুনত মাজগুমিৰ জয়তন নেছা নামৰ মহিলা গৰাকীক আটক কৰে ৷ নাৰী সৰবৰাহী চক্ৰৰ লগত জড়িত থকা জয়তন নেছাৰ পৰা তথ্যৰ ভিত্তিত তথা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত দুটা আৰক্ষীৰ দলে উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত অভিযান চলাই। এই অভিযানত ৰাজস্থানৰ জয়পুৰৰ পৰা দুজনী আৰু উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ গুমটি নগৰৰ পৰা দুগৰাকীক উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়ামতে এই কিশোৰী তিনি গৰাকী আৰু যুৱতী গৰাকী নাৰী সৰবৰাহী চক্ৰৰ কৱলত পৰিছিল ৷ আনহাতে জয়তন নেছাৰ জীয়েক আৰু জা গৰাকীৰ সহযোগত উক্ত যুৱতী গৰাকী আৰু কিশোৰী তিনি গৰাকীক জয়তন নেছাৰ জৰিয়তে নাৰী সৰবৰাহী চক্ৰৰ হাতত গতাই দিছিল ৷