নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত আৰক্ষীৰ ড্ৰাগছ বিৰুদ্ধে অভিযান হেৰইন সহ নগদ ধন জব্দঃ মহিলা সহ দুজনক আটক

 নিয়মীয়া বাৰ্তা ২৭ মেঃ নগাঁও জিলাৰ বিভিন্ন স্থানত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে আজি চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এগৰাকী মহিলা সহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷ লগতে আৰক্ষীৰ অভিযানকাৰী দলটোৱে ৫.৮১ গ্ৰাম হেৰ‌ইন সহ নগদ ৭৮০০ টকা আৰু এখন মটৰ চাইকেল জব্দ কৰে। জানিব পৰা মতে, চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণ কান্ত দলেৰ নেতৃত্বত এটা আৰক্ষীৰ দলে আজি দুপৰীয়া প্ৰায় ২-৩০ বজাত চামগুৰি সাপ্তাহিক বজাৰৰ সমীপৰ ড্ৰাগছ ব্যৱসায়ী হজৰত বিল্লালৰ ঘৰত অভিযান চলায়।

আৰক্ষীৰ অভিযানৰ উমান পাই হজৰত বিল্লালে পলায়ন কৰিবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে ঘৰটোত তালাচী চলাই ৫.৮১ গ্ৰাম হেৰ‌ইন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত বিল্লালৰ পত্নী নাজিমা খাতুন(২৪)ৰ লগতে বিল্লালৰ সহযোগী বাজিয়াগাঁৱৰ মাইনুল হক(৩৫) নামৰ যুৱকজনকো আৰক্ষীয়ে আটক কৰি চামগুৰি থানাত বাতৰি লিখাৰ সময়লৈকে সোধপোছ কৰি আছে বুলি জানিব পৰা গৈছে।আনহাতে আৰক্ষীয়ে বিল্লালে ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা এ এছ ০২ এম ২২০৯ নম্বৰৰ হোণ্ডা ষ্টানাৰ মটৰচাইকেলৰ লগতে নগদ ধন জব্দ কৰে।লগতে ড্ৰাগছ ব্যৱসায়ী বিল্লালক আটক কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

You might also like