শংকৰদেৱ–মাধৱদে আদর্শৰে অনুপ্রাণিত হোৱাৰ আহ্বান ড০ হিমন্ত বিশ্ব শর্মাৰ
দেৱ দামোদৰ সংঘৰ পঞ্চদশ দ্বিবার্ষিক ডিমৰীয়া অধিৱেশনৰ সামৰণি
নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ মহানগৰীৰ সমীপৱর্তী ডিমৰীয়াৰ মালয়বাৰীৰ শ্রীশ্রী দামোদৰ দেৱ সত্র প্রাংগণত ১২ ফেব্রুৱাৰীৰ পৰা তিনিদিনীয়া বর্ণাঢ়্য কার্যসূচীৰে অনুষ্ঠিত সদৌ অসম দেৱ দামোদৰ সংঘৰ পঞ্চদশ দ্বিবার্ষিক অধিৱেশনখনৰ আজি সামৰণি পৰে৷ আজি অন্তিম দিনা বিয়লি দুই বজাৰ পৰা সদৌ অসম দেৱ দামোদৰ সংঘৰ সভাপতি হৰেন্দ্র নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি ৰাজ্যৰ শিক্ষা, স্বাস্থ্য বিত্ত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেৱ দামোদৰদেৱৰ উপৰি শ্রীমন্ত শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ আদিৰ বিশাল কর্মৰাজিৰে ব্যাখ্যা কৰে৷ এই মহান গুৰুসকলৰ আদর্শৰে সকলোকে অনুপ্রাণিত হ’বলৈ ড০ শর্মাই আহ্বান জনায়৷ তেওঁ কয় যে পিছপৰা সমাজখনক আধ্যাত্মিক ভাবধাৰাৰে আগুৱাই নিয়াৰ বাবে কেউজনা গুৰুৰ আবির্ভাৱ হৈছিল৷ আধ্যাত্মিকভাৱে আবির্ভাৱ হোৱা ধর্মগুৰুসকলক পৃথকে পৃথকে চিন্তা কৰাটো সমীচীন নহয় বুলি তেওঁ ভাষণত উল্লেখ কৰে৷
ইপিনে দেওবাৰে এই মুকলি সভাত আউনীআটী সত্র মাজুলীৰ ডেকা সত্রাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে আদৰৰ অতিথি হিচাপে উপস্থিত থকাৰ লগতে নির্দিষ্ট বক্তা হিচাপে পাণ্ডু মহাবিদালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক ভৱানী প্রসাদ অধিকাৰী,অতিথি হিচাপে শংকৰদেৱ কলাক্ষেত্রৰ সম্পাদক সুদর্শন ঠাকুৰকে প্রমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে৷ এই সভাতে বিভিন্ন ক্ষেত্রত বিশেষ অৰিহণা আগবঢ়োৱা সাতগৰাকী ব্যক্তি ক্রমে তপন মেধি, সোণেশ্বৰ কোঁৱৰ, জগদীশপ্রসাদ আগৰৱালা, চন্দ্রকান্ত বৰা, ৰাজীৱ শর্মা, নির্মল কোঁৱৰ আৰু পৱিত্র দাসক বিশেষ সম্বর্ধনা জনায়৷ আনহাতে সদৌ অসম দেৱ দামোদৰ সংঘৰ পঞ্চদশ দ্বিবার্ষিক অধিৱেশনৰ সৈতে সংগতি ৰাখি নৰেন মেধি আৰু নৃপেন কলিতাই সম্পাদনা কৰি উলিওৱা ১৯২ পৃষ্ঠাৰ দামোদৰ দর্পন নামৰ স্মৃতিগ্রন্থ উন্মোচন কৰে দিছপুৰ সমষ্টিৰ স্থানীয় বিধায়ক অতুল বৰাই৷ মুকলি সভাৰ আৰম্ভণিতে ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্র–ছাত্রীসকলে এটি সমৱেত সংগীত পৰিৱেশন কৰে৷ সাংবাদিক চন্দন মালাকৰে আঁত ধৰা সভাখনত আদৰণী ভাষণ দিয়ে আদৰণী সমিতিৰ সভাপতি তথা ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ ৰামচৰণ ভৰালীয়ে৷