নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটা খাগৰিপথাৰ সতি জয়মতী প্ৰাথমিক বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নতিৰ দাবী

শিক্ষামন্ত্ৰিলৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰঃ আন্দোলনৰ হুংকাৰ

নিয়মীয়া বাৰ্তা ১৭ জুনঃ  মাৰ্ঘেৰিটা সমষ্টিৰ ভিতৰ পাৱৈ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১৯৯৪ চনত স্থাপিত সতি জয়মতী প্ৰাথমিক বিদ্যালয়খন জৰাজীৰ্ণ হৈ পৰিছে। ২০১৩ চনত প্ৰাদেশীকৰণ হোৱা এই বিদ্যালয়খনৰ আজিকোপতি আন্তঃগাঁ‌ঠনি উন্নয়নৰ ব্যৱস্থা কৰা নহ’ল। প্ৰায় ৭০০ ঘৰ লোকৰ বসতিপূৰ্ণ ১ নং খাগৰিপথাৰত এই বিদ্যালয়খন অৱস্থিত। ৬৮জন শিক্ষাৰ্থীৰ এই বিদ্যালয়খনত পাঁ‌চটা শ্ৰেণীৰ শিক্ষাৰ্থীসকলক একে সময়তে কেৱল মাত্ৰ দুজন শিক্ষকে পাঠদান কৰি বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হ’ব লগীয়া হৈছে।

কিছুদিন পূৰ্বে বতাহ ধুমুহাৰ কৱল পৰি বিদ্যালখন অধিক জৰাজীৰ্ণ হৈ পৰে। আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ এটা সজাতি দলে বিদ্যালয়খন পৰিদৰ্শণ কৰে আৰু জিলাৰ সভাপতি পাপু দত্তই সংবাদমাধ্যমৰ আগত কয় যে অনতিপ্ৰলমে বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে জৰাজিৰ্ণ হৈ থকা বিদ্যালয়খন মেৰামতি ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ প্ৰশাসনক দাবী জনায়। সংগঠনটোৰ নেতৃত্বই কয় যে এই বিদ্যালয়খন প্ৰাদেশীকৰণ হোৱাৰ সময়ৰ শিক্ষামন্ত্ৰী বৰ্তমান মুখ্যমন্ত্ৰী হ’লগৈ কিন্তু আজিকোপতি এই বিদ্যালয়খনৰ শিক্ষাৰ্থী অনুপাতে শিক্ষক নিযুক্তি আৰু আন্তঃগাঁ‌ঠনিৰ উন্নয়ন নহ’ল।

এক বিবৃৃত্তি যোগে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি ৰাজ্যিক শিক্ষামন্ত্ৰী ৰনুজ পেগুক দাবী জনাই যে- অতি শীঘ্ৰেই এই বিদ্যালয়খনত শিক্ষাৰ্থী, বিষয় আৰু শ্ৰেণীৰ অনুপাতে শিক্ষকৰ নিযুক্তি আৰু বিদ্যালয়খনৰ আন্তগাঁথনি উন্নয়ন দাবী জনায়। অন্যথা সংগঠনটোৱে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যৎৰ কথা চিন্তা কৰি আন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হ’ব বুলি হুংকাৰ প্ৰদান কৰে।

You might also like