বিজেপিৰ চৰকাৰ আহিলে মুছলমান হ’ব লাগিব হিন্দু, পঢ়িব নোৱাৰিব নামাজ
নিয়মীয়া বাৰ্তা, ১৬ নবেম্বৰঃ মিঞা মিউজিয়াম, আৰবী ভাষাৰ বেনাৰ আৰু পাকিস্তান জিন্দাবাদ ধ্বনিৰে ইতিমধ্যে বিধানসভা নির্বাচনৰ প্রাকক্ষণত কংগ্রেছ–এ আই ইউ ডি এফে ধর্মীয় মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰাৰ পাছত ইয়াক কার্যকৰী ৰূপ দিয়াৰ লক্ষ্যত নামি পৰিছে দলটোৰ একাংশ বিধায়ক তথা জ্যেষ্ঠ নেতা৷ শেহতীয়াকৈ বৰাকত সাম্প্রদায়িক মন্তব্যৰে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে বিজেপি চৰকাৰ আহিলে মুছলমান মহিলাৰ শালীনতা হৰণ হ’ব বুলি ভাষণ প্রদান কৰি ৰাজনৈতিক সুবিধা লাভৰ অপচেষ্টা চলোৱাৰ পাছত এইবাৰ কংগ্রেছৰ এজন জ্যেষ্ঠ বিধায়কে চৰকাৰক সমালোচনা কৰিবলৈ গৈ ৰাজহুৱা সভাত কৰিলে উগ্র সাম্প্রদায়িক মন্তব্য৷ মুখ্যতঃ আগন্তুক নির্বাচনক লক্ষ্য কৰি কংগ্রেছৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন মন্ত্রী, দক্ষিণ শালমাৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে দলীয় সভাত প্রদান কৰা এই মন্তব্যই সমগ্র ৰাজ্যতে সৃষ্টি কৰিছে তীব্র বিতর্ক৷
মিঞা মিউজিয়াম আৰু পাকিস্তান জিন্দাবাদ ধ্বনিক লৈ ৰাজ্যত সৃষ্টি হৈ থকা বিতর্কৰ মাজতে আজি কংগ্রেছৰ দলীয় সভাত বিজেপি নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰিবলৈ গৈ ৱাজেদ আলীয়ে সাম্প্রদায়িক মন্তব্য কৰাই নহয়, ২০২১ত পুনৰ অসমত বিজেপি চৰকাৰ হ’লে মুছলমানসকলে অসম এৰি যাব লাগিব বুলিও উল্লেখ কৰে৷ দক্ষিণ শালমাৰা ব্লক কংগ্রেছৰ সভাপতি আব্দুছ চবুৰ আহমেদৰ সভাপতিত্বত ৰাভাতাৰী গাঁও পঞ্চায়তৰ কার্যালয় চৌহদত অনুষ্ঠিত কংগ্রেছৰ এখন দলীয় সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি ভাষণ প্রসংগত ৱাজেদ আলীয়ে কয়– ২০২১ত অসমত পুনৰ বিজেপি চৰকাৰ হ’লে মুছলমানসকল হয় হিন্দু হ’ব লাগিব, নহ’লে দেশ এৰি আন ৰাষ্ট্রলৈ যাব লাগিব৷ মুছলমানসকলৰ হাতত এই দুটা উপায়ৰ বাহিৰে আন উপায় নাথাকিব৷ বিজেপিক সাম্প্রদায়িক চৰকাৰ বুলি দাবী কৰি এই চৰকাৰৰ দিনতেই মুছলমান সর্বাধিক নির্যাতিত হোৱা বুলিও মন্তব্য কৰে৷ এক সাম্প্রদায়িক সংঘর্ষ সৃষ্টিৰ লক্ষ্যৰে ৱাজেদ আলী চৌধুৰীয়ে আনকি বিজেপি চৰকাৰ আহিলে মছজিদত আজান দিয়া বন্ধ কৰাৰ লগতে নামাজ পঢ়া বন্ধ কৰিব বুলিও আজব সাম্প্রদায়িক মন্তব্য কৰে৷
তেওঁ এইবুলিও কয়– প্রধানমন্ত্রীয়ে ভাষণ দিয়া লালকিল্লা আৰু দেশৰ গৌৰৱ তাজমহল মুছলমানৰ সম্পত্তি৷ ৰাম মন্দিৰ নির্মাণ প্রসংগত দেশৰ উচ্চতম ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ ৰঞ্জন গগৈয়ে দিয়া ঐতিহাসিক ৰায়ৰ প্রসংগতো তেওঁ কয়– প্রাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে নিজৰ এক্তিয়াৰত কোনো প্রমাণ নোহোৱাকৈয়ে ৰাম মন্দিৰৰ ওপৰত ৰায় দিছে৷ ইফালে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাক সমর্থন কৰি ৱাজেদ আলীয়ে কয়– বিহাৰ নির্বাচনত আছাদউদ্দিন ওৱেছিয়ে প্রার্থিত্ব দিয়াৰ বাবে মুছলমান ভোট বিভাজন হৈ মহাজোঁটবন্ধনে চৰকাৰ গঠন কৰিব নোৱাৰিলে৷ ২০১৬ চনৰ নির্বাচনতো আজমলে সংখ্যালঘু এলেকাত প্রার্থিত্ব দিয়া বাবে কংগ্রেছ পৰাস্ত হৈ বিজেপি চৰকাৰ শাসনলৈ অহাৰ সুবিধা হ’ল৷ কিন্তু এইবাৰ কংগ্রেছ–এ আই ইউ ডি এফ একত্রিত হৈ বিজেপিৰ বিৰুদ্ধে নির্বাচন খেলিব৷
ইতিমধ্যে দলৰ পর্যবেক্ষক জিতেন্দ্র সিঙক এই মিত্রতা নিশ্চিত কৰাৰ বাবে দাবী জনোৱা হৈছে৷ সাম্প্রদায়িক বিষবাষ্প বিয়পোৱাৰ লক্ষ্যৰে ৱাজেদ আলী চৌধুৰীয়ে আজি প্রদান কৰা এই ভাষণক লৈ ৰাজ্যজুৰি সৃৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ ইয়াৰ পূর্বে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপনৰ বাবে প্রস্তাৱ উত্থাপন কৰিছিল দলটোৰে আন এজন বিধায়ক শ্বেৰমান আলী আহমেদে৷ মুখ্যতঃ মুছলমান ভোট একত্রিত কৰাৰ লক্ষ্যৰে শেহতীয়াকৈ কংগ্রেছৰ একাংশ নেতাই পৰিকল্পিত লক্ষ্যৰে ক্রমাগতভাৱে কৰি আহিছে সাম্প্রদায়িক মন্তব্য৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাৰ জৰিয়তে ক্ষমতা দখলৰ অংকত নামি পৰা কংগ্রেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে আনকি এই মিত্রতাক লৈ উজনি অসমত প্রভাৱ পৰিব বুলি শেহতীয়াকৈ চলা চর্চাকো নস্যাৎ কৰি এইবুলি মন্তব্য কৰে যে উজনি অসমৰ মানুহক গুৰুত্ব দি লাভ নাই৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাইহে পুনৰ চৰকাৰ গঠন কৰিব পাৰিব৷ সভাত বিজেপি চৰকাৰখনক সমালোচনা কৰি কংগ্রেছী বিধায়কজনে কয়– এইখন চৰকাৰৰ দিনত পঞ্চায়তৰ উন্নয়নৰ নামত অহা এনৰেগা আঁচনিৰ ধন মোকলাবলৈ চৰকাৰক ২০ শতাংশ কমিছন দিব লাগে৷ সেয়াই নহয়, বিধায়ক পুঁজিৰ পৰা কাম কৰিবলৈও হ’লেও ১০ শতাংশ চৰকাৰক দিব লাগে৷