ৰহা সমষ্টিত অগপৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ প্ৰতিটো সমষ্টিতে নিৰ্বাচনী বতাহে পৰিৱেশ উত্তাল কৰি থকাৰ দৰে ৮২ নং ৰহা বিধানসভা সমষ্টিতো চলিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। উল্লেখ্য যে বিগত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী ডিম্বেশ্বৰ দাসে অভিলেখসংখ্যক ভোট লাভ কৰি ৰহা সমষ্টিটো দখল কৰিছিল যদিও মূৰকত সমাগত নিৰ্বাচনৰ বাবে বিজেপি-অগপৰ মিত্ৰজোঁটৰ তালিকাত অসম গণ পৰিষদ দলক আসন এৰি দিবলৈ বাধ্য হৈছিল।
ফলত বিজেপিৰ দলীয় নেতা-কৰ্মীসকলৰ মাজত সৃষ্টি হৈছিল তীব্ৰ ক্ষোভ। উল্লেখনীয় বিষয় যে এসময়ৰ অগপৰ দুৰ্গ ৰহা সমষ্টিৰ ভেটিত বৰ্তমান ছন পৰা লেখিয়া অৱস্থাত থকা অগপক আসন এৰি দি কংগ্ৰেছ দলক ৱাক অভাৰ দিয়া বুলি বিজেপিৰ বহু দলীয় কৰ্মীয়ে অসন্তুষ্টি ব্যক্ত কৰি প্ৰতিবাদো সাব্যস্ত কৰিছিল।
কিন্তু উক্ত প্ৰতিবাদকো নেওচি অগপ দলৰ বাবে ৰহা সমষ্টি এৰি দিয়াত অৱশেষত বিজেপিৰ একাংশ কৰ্মীয়ে নেতৃত্বৰ নিৰ্দেশ মানি ল’বলৈ বাধ্য হ’য়। পিছে বিজেপি কৰ্মীসকলৰ ক্ষোভ-অসন্তুষ্টি থাকিলেও শেহতীয়াকৈ অগপ প্ৰাৰ্থী বিষ্ণু দাসৰ হৈ প্ৰচাৰত ব্যস্ত হোৱা দেখা গৈছে।
অগপ দলৰ প্ৰাৰ্থীগৰাকী নতুন মুখৰ হোৱাৰ বাবে বেছি শ্ৰম কৰিবলগীয়া হৈছে দলীয় কৰ্মীসকল। শেহতীয়াকৈ মন্ত্ৰী পীয়ূষ হাজৰিকাই অগপ প্ৰাৰ্থীগৰাকীৰ হৈ সমষ্টিত দলীয় প্ৰচাৰ চলোৱা দেখা গৈছে।
তদুপৰি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিষ্ণু দাসে সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে প্ৰচাৰ চলাই ভোটাৰক আকৰ্ষিত কৰিবলৈ চেষ্টা চলোৱা দেখা গৈছে। প্ৰাৰ্থী বিষ্ণু দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি অসমৰ ৰাইজৰ সামগ্ৰিক উন্নয়নৰ বাবে অগপ-বিজেপি মিত্ৰজোঁট চৰকাৰৰ বিকল্প কোনো নাই।