বগীনদীৰ কদমত সংঘটিত শোকাৱহ বাইক দুৰ্ঘটনাত থিতাতে নিহত স্কুলীয়া ছাত্ৰ
নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰ: লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কদমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক শোকাৱহ বাইক দুৰ্ঘটনাত থিতাতে নিহত হয় এজন স্কুলীয়া ছাত্ৰ। নিহত ছাত্ৰ জন লখিমপুৰ একাডেমীৰ প্ৰথম বৰ্ষৰ ছাত্ৰ তথা উত্তৰ লখিমপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গড়চিগা আজাৰগুৰি শালমাৰা গাঁৱৰ জনতা মিলিৰ পুত্ৰ মনোৰঞ্জন মিলি বুলি জানিব পৰা গৈছে।
ঘটনাৰ বিৱৰণি মতে আজি পুৱাতেই সংঘটিত এই পথ দুৰ্ঘটনাত নিহত স্কুলীয়া ছাত্ৰজনে AS 07M 2590 নম্বৰৰ ক’লা ৰঙৰ হুণ্ডা বাইকেৰে লখিমপুৰ সদৰৰ পৰা বগীনদী বিহদিয়া গাঁওত থকা নিজৰ মামাৰ ঘৰলৈ আহি থকা পথত কদম সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত, বাইক আৰোহী ছাত্ৰজনে পথৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই কাষত থকা ডিভাইডাৰত প্ৰচণ্ড গতিৰে খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, ঘটনাস্থলীতে থিতাতে নিহত হয় বাইক আৰোহীজন। পিছত স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত দুৰ্ঘটনাস্থলীত বগীনদী আৰক্ষী উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰনোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।
প্ৰেৰকঃ ভূবন গৌতম