ধুবুৰীৰ নিউঘাটত আঠ বস্তা বাংলাদেশৰ গর্ভ নিৰোধক ‘সুখী’ টেবলেট জব্দ
ভাৰতত চুবুৰীয়া দেশৰ গর্ভ নিৰোধকৰ বেহা
নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ ৰাজ্যৰ ভাৰত–বাংলাদেশ সীমান্তৰ গৰুৰ চোৰাং বেহাৰ সমান্তৰালভাৱে চুবুৰীয়া দেশখনৰ বিনামূলীয়া গর্ভনিৰোধক ঔষধৰ বেহা চলি থকাৰ তথ্য পোহৰলৈ আহিছে৷
শনিবাৰে ধুবুৰীৰ নিউঘাট অঞ্চলৰ এজন ব্যক্তিৰ বাসগৃহৰ পৰা আৰক্ষীয়ে কেইবা বস্তা বাংলাদেশী গর্ভনিৰোধক টেবলেট জব্দ কৰে৷ এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ এটি দলে চহৰখনৰ নিউঘাট অঞ্চলৰ ছামচুল হক নামৰ লোকজনৰ ঘৰত অভিযান চলাইছিল৷ সেই অভিযানত তেওঁৰ বাসগৃহৰ পৰা আঠ বস্তা ‘সুখী’ নামৰ বাংলাদেশী গর্ভনিৰোধক টেবলেট জব্দ কৰে আৰক্ষীয়ে৷
উল্লেখ্য যে দেশখনৰ জনসাধাৰণৰ মাজত বিনামূলীয়াকৈ এইবিধ টেবলেট বিতৰণ কৰে বাংলাদেশ চৰকাৰে৷ ইপিনে ছামচুল হক নামৰ ব্যক্তিজন বর্তমানলৈ পলাতক যদিও আৰক্ষীয়ে তেওঁৰ মোমায়েক তথা ধুবুৰী চহৰৰ পার্শ্বৱর্তী আয়ৰন জংলা তৃতীয় খণ্ড অঞ্চলৰ বাসিন্দা জনৈক মোজাম্মেল হক নামৰ এজন ব্যক্তিক ধুবুৰী সদৰ থানালৈ আনি জেৰা কৰি থকা বুলি আৰক্ষী সূত্রত প্রকাশ৷