নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত শিপিনীৰ সমৰথ প্ৰশিক্ষণ শিবিৰ উদ্বোধন

নিয়মীয়া বাৰ্তা৩০ ডিচেম্বৰঃঃশিপিনী সকল দেশ ৰাজ্যৰ বাবে এক সম্পদ ৷ কিয়নো দেশত অৰ্থনৈতিক দিশত এক মুখ্য ভুমিকা লোৱা ক্‌ষিৰ পিছতে হ’ল হস্ততাঁত বস্ৰশিল্প ৷ হস্ততাঁত বস্ৰশিল্পৰ জৰিয়তে দেশ ৰাজ্যই অৰ্থনৈতিক দিশত এক বিশেষ সকাহ লাভ কৰি আহিছে ৷ বিশেষকৈ গ্ৰামাঞ্চলৰ অৰ্থনৈতিক ভেটি গঢ়াত স্হানীয় শিপিনী সকলৰ অপৰিসীম ভূমিকা আছে ৷ শিপিনী সকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বস্ৰই সকলোৱে পৰিধান কৰি আহিছে ৷ অৱশ্যে বৰ্তমানৰ যন্ত্ৰচালিত যুগত শিপিনী সকল এক প্ৰত্যাহ্বানৰ সন্মুখীন হব লগা হৈছে যদিও গ্ৰামাঞ্চলত শিপিনীৰ আদৰ এতিয়াও অক্ষুণ্ণ আছে ৷ এই মন্তব্য শুৱালকুছি সাংবাদিক সন্হাৰ সভাপতি দিলীপ মেধিৰ ৷ আজি শুৱালকুছিত শিপিনীৰ সমৰথ প্ৰশিক্ষণ শিবিৰ এটা উদ্বোধন কৰি তেওঁ পুনৰ কয় যে বিগত দুটা বছৰত দেখা দিয়া কভিদ ১৯ ৰ বাবে হোৱা লক ডাউনে শুৱালকুছিৰ বস্ৰশিল্পলৈ এক কাল ধুমুহা নমাই আনিছে ৷ যাৰ ফলত উৎপাদিত পাট মুগাৰ বস্ৰ বিক্ৰীৰ অভাৱত নিজৰ গ্‌হতে এলাগি হৈ পৰে ৷ বহুত শিপিনী হতাশাত ভুুগি তাতশাল এৰি ব্যক্তিগত কোম্পানীত কৰ্মৰত হব লগা হৈছে ৷ পৰিস্থিতি কিছু ভাললৈ অহাত পুনৰ নিজৰ নিজৰ কৰ্মলৈ শিপিনী সকল ঘুৰি অহাত শুৱালকুছিৰ বস্ৰ শিল্পই পুনৰ লাহে লাহে প্ৰাণ পাই উঠিছে ৷ এই সময়তে শিপিনীৰ এইটো প্ৰশিক্ষণ শিবেৰে শিপিনী সকলৰ মনোবল বহুত ব্‌দ্ধি কৰিব বুলিও সাংবাদিক গৰাকীয়ে দোহাৰে ৷ অনুস্হানত উপস্থিত থাকি যুৱ সমাজকৰ্মী তথা শিবিৰৰ মুখ্য প্ৰশিক্ষক বিপুল দাসে শিবিৰটি সন্দৰ্ভত জানিবলৈ দি কয় যে এই শিবিৰটি অসমৰ ভিতৰতে শ্ৰেষ্ঠ শিবিৰ হব ৷ মুঠ এহাজাৰ শিপিনীক পৰ্যায়ক্ৰমে ইয়াত প্ৰশিক্ষণ প্ৰদান কৰা হব ৷ ইয়াৰে এটা গ্ৰুপত ৩০ গৰাকী শিপিনী থাকিব ৷ এটা গ্ৰুপক ৪৫ দিন প্ৰশিক্ষণ দিয়া হব ৷ প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰতিগৰাকী শিপিনীক প্ৰতিদিনত ৩০০ টকাকৈ চৰকাৰে প্ৰদান কৰিব ৷ প্ৰশিক্ষক প্ৰদান কৰা হব ৮০০ টকাকৈ আৰু সহায়কাৰীক প্ৰদান কৰা হব ৪০০ টকাকৈ ৷ প্ৰশিক্ষণৰ সময়ত প্ৰথমে এড়ি কাপোৰ প্ৰস্তুত কৰা হব ৷ এড়িৰ চাদৰ, চাৰ্ট, শ্বল আদি প্ৰস্তুত কৰাৰ পিছত উৎপাদিত কাপোৰ চৰকাৰক জমা দিব লাগিব ৷ প্ৰশিক্ষণত জেকাৰ্ড মেচিন ব্যৱহাৰ সন্দৰ্ভতো জ্ঞান প্ৰদান কৰা হব ৷ ভাৰত চৰকাৰৰ বস্ৰ মন্ত্ৰালয় আৰু অসমৰ শিপিনী সেৱা কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত উক্ত প্ৰশিক্ষণ শিবিৰটি পৰিচালিত হব ৷ অসমৰ শিপিনী সেৱা কেন্দ্ৰৰ সহকাৰী সঞ্চালক সৰ্বেশ্বৰ দাসে শিবিৰটি অনুস্টিত কৰাত মুখ্য ভূমিকা লোৱাৰ কথা উল্লেখ কৰি প্ৰশিক্ষক দাসে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাইয়ো শিবিৰটি অনুস্টিত কৰাত সহযোগিতা কৰা বুলি কয় ৷ তেওঁ পুনৰ কয় যে প্ৰশিক্ষণৰ অন্তত প্ৰতি গৰাকী প্ৰশিক্ষাৰ্থীক বিনামূলীয়াকৈ এখন তাতশাল, সুতা আৰু এটি চৰকাৰী ঘৰ প্ৰদান কৰা হব ৷ শিপিনী সকলে অতি উৎসাহৰে প্ৰশিক্ষণত ভাগ লোৱাত স্হানীয় ৰাইজে শিপিনী প্ৰশিক্ষণ কেন্দ্ৰৰ সহকাৰী সঞ্চালক আৰু অসমৰ মুখ্যমন্ত্ৰীক বিশেষ ভাবে ধন্যবাদ জ্ঞাপন কৰে ৷ উক্ত শিবিৰে শুৱালকুছিৰ শিপিনীলৈ এক শুভ বাৰ্তা কঢ়িয়াই আনিব বুলি বিভিন্নজনে মতামত ব্যক্ত কৰিছে।

You might also like