পানেৰীত বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা টংলা প্ৰেছ ক্লাবৰ
নিয়মীয়া বাৰ্তা,১৩ ফেব্ৰুৱাৰী: টংলা প্ৰেছ ক্লাবৰ উদ্যোগত পানেৰীত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত আজি ওদালগুৰিৰ চাৰি বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । পানেৰীৰ কুলশী নৈৰ পাৰত অনুষ্ঠিত সভাখনত বি টি চিৰ ধনশ্ৰী সমষ্টিৰ পৰিষদীয় সদস্য তথা বিশিষ্ট সমাজকৰ্মী ফ্ৰেছ মুছাহাৰী, খৈৰাবাৰী স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক অনিল ডেকা, টংলাৰ জ্যেষ্ঠ সাংবাদিক তথা কৃতী শিক্ষক গৌৰীশংকৰ দাস আৰু বিশিষ্ট অভিযন্তা মৃদুল বৰুৱাক সমাজখনলৈ তেওঁলোকে আগবঢ়োৱা বৰঙণিৰ বাবে আজি টংলা প্ৰেছ ক্লাবে মানপত্ৰ, জাপি, ফুলাম গামোচাৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।
টংলা প্ৰেছ ক্লাবৰ সভাপতি উজ্জ্বল দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত সম্বৰ্ধনা গ্ৰহণ কৰি গৌৰীশংকৰ দাসে সংবাদ ক্ষেত্ৰখনত কাম কৰাৰ অভিজ্ঞতা বৰ্ণনা কৰি কয় যে সংবাদকৰ্মীসকলে নেতিবাচক বাতৰিতকৈ ইতিবাচক বাতৰিসমূহ ৰাইজৰ মাজলৈ লৈ আনি সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অধিক দায়বদ্ধতাৰে কাম কৰা উচিত । চিকিৎসক অনিল ডেকাই টংলা প্ৰেছ ক্লাবক ধন্যবাদ জ্ঞাপন কৰি টংলা প্ৰেছ ক্লাবৰ এনে মৰম-স্নেহ আৰু সন্মানে মানুহক সেৱা কৰাৰ বাবে অধিক অনুপ্ৰাণিত কৰিব বুলি মন্তব্য কৰে ।
টংলা প্ৰেছ ক্লাবৰ সম্পাদক কৌস্তুভমণি শৰ্মা আৰু সদস্য ফটিক নন্দন ৰাভাই আঁত ধৰা উক্ত সভাত সমাজকৰ্মী ৰিঞ্জয় বসুমতাৰী, বি টি চিৰ মনোনীত সদস্য অৰ্পণা মেধি,আক্ৰাছুৰ মুখ্য প্ৰচাৰ সচিব হেমন্ত বৰা কোচ, আছাৰ ওদালগুৰি জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰবীন গোৱালাা ,এ জে ৱাই চি পিৰ ওদালগুৰি জিলা সমিতিৰ উপ সভাপতি নিলয় চলিহা টংলা আঞ্চলিক সমিতিৰ সম্পদক জিতু ডেকা, সাংবাদিক দীপেন ডেকা, গুণজৎ দাস, দিগন্ত কুমাৰ শৰ্মা, ধীৰেন মহলীয়াকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
প্ৰেৰক ধীৰেন মহলীয়া