নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্যহস্তী খেদিবলৈ সংযোগ কৰা তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ নাবালকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ গৰু আনিবলৈ যোৱা এজন কিশোৰ বিদ্যুৎস্পৃষ্ট হৈ শোকাৱহ মৃত্যুক আঁকোৱালি লোৱা এক ঘটনাক কেন্দ্ৰ কৰি পেঙেৰীত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। ঘটনাৰ বিৱৰণী মতে পেঙেৰী থানাৰ অন্তৰ্গত টেকেৰী গেলগেলি গাঁও নিৱাসী কান্দুৱা মৰাণৰ পুত্ৰ ৰাহুল ওৰফে পূৱেন মৰাণ(১৫) নামৰ কিশোৰজনে কালি বিয়লি প্ৰায় ৪-৩০ বজাত উদঙীয়া গৰু আনিবলৈ নিকটৱৰ্তী বুঢ়ীদিহিং সংৰক্ষিত বনাঞ্চলৰ এটা গো-বাটত প্ৰৱেশ কৰিবলৈ লওঁ‌তেই বিদ্যুৎ পৰিবাহী এডাল তাঁ‌ৰত লাগি মৃত্যুমুখত পৰে। অভিযোগ অনুসৰি গাঁওখনৰে দিনেশ্বৰ মৰাণৰ পুত্ৰ জয়কান্ত মৰাণ আৰু কংকা বড়াৰ পুত্ৰ বিজু বড়াই বন্যহস্তী প্ৰতিৰোধৰ বাবে বনাঞ্চলৰ কাষত বৈদ্যুতিক তাঁ‌ৰ সংযোগ কৰি ৰাখিছিল। অতি কৌশলেৰে সংযোগ কৰি ৰখা বিদ্যুৎ পৰিবাহী তাঁ‌ৰৰ উপস্থিতিৰ কথা নাজানি বনাঞ্চললৈ অগ্ৰসৰ হওঁ‌তেই বিদ্যুৎস্পৃষ্ট হৈ কিশোৰজন শিকাৱহ মৃত্যক আকোঁ‌ৱালি ল’ব লগা হ’ল। উল্লেখ্য যে দীৰ্ঘকালৰ পৰা গাঁওখনৰ কেইজনমান দুষ্কৃতিকাৰীয়ে একমাত্ৰ অবোধ বন্যহস্তীৰ প্ৰৱেশত বাধা দিবৰ বাবেই বনাঞ্চলৰ কাষত বৈদ্যুতিক তাঁ‌ৰ সংযোগ কৰি অহাৰ অভিযোগ আছিল। তেনেদৰে সংযোগ কৰা তাঁ‌ৰসমূহ বিচ্ছিন্ন কৰিবলৈ গ’লে বিভাগীয় লাইনমেনক দা লৈ খেদি পঠিয়াই বুলিও অভিযোগ উত্থাপিত হৈ আহিছে। কিন্তু আশ্চৰ্যকৰ কথা এইটোহে যে এনে অভিযোগ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষ (মাৰ্ঘেৰিটা বিদ্যুৎ উপসংমণ্ডল)ই কোনোদিনে আৰক্ষী প্ৰশাসনক অৱগত কৰা নাই। ঘটনাটোক লৈ আজি গাঁওখনত এক অপ্ৰীতিকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছিল যদিও উচ্চপদস্থ আৰক্ষী বিষয়াৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। উল্লেখ্য যে মৰণোত্তৰ পৰীক্ষা কৰি অনা মৃতদেহটো চমজি লোৱাৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হত্যাকাৰী (বৈদ্যুতিক তাঁ‌ৰ সংযোগকাৰী)ৰ চোতালতে মৃতদেহ কবৰস্থ কৰাৰ সিদ্ধান্তক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিৱেশ।

You might also like