আঞ্চলিক ক’ৰোনাৰ প্ৰভাৱঃ অন্ধকাৰত দিন কটাইছে ধেমাজিৰ দম্পত্তিয়ে By নিয়মীয়া বাৰ্তা On Jun 17, 2020 Share নিয়মীয়া বাৰ্তা, ১৭ জুনঃ ৰে’লেই তেওঁলোকৰ আছিল জীৱন সংগ্ৰামৰ উৎস। মহামাৰী ক’ৰোণাৰ আতংকত এতিয়া অন্ধকাৰত দিন কটাবলগীয়া হৈছে ধেমাজিৰ এটা দম্পত্তিয়ে। দম্পতিহালে লকডাউনৰ পূৰ্বে যাত্ৰীবাহী ৰে’লত গান গাই পোহপাল দি আছিল নিজৰ সৰু পৰিয়ালটোক। চকুৰে নেদেখা অন্ধ শান্তিৰামৰ অন্ধ পত্নী অল্পনাই ঘৰৰ সন্মুখতে দি লোৱা সৰু দোকানখনো ৰেলৰ চলাচল বন্ধ হোৱাৰ পিছত বন্ধ হৈ পৰিল ৷ কবিতা লিখি ভাল পোৱা অল্পনাই ৰেলত দুজনমান সতীৰ্থ আৰু অন্ধ স্বামী শান্তিৰামৰ সৈতে গীত গাই যাত্ৰীৰ মন মোহি দুপইচা অৰ তৰ পৰা খুজি নিজৰ পেট পুহিছিল৷ কিন্তু নিজস্ব প্ৰতিভাৰে নিজক পৰিচিত কৰাৰ দুৰ্বাৰ সপোন দৃষ্টিহীন এহাল দম্পত্তি। একেখন ৰে’লতে কবিতা পাঠেৰে যাত্ৰীক আমোদ দিছিল দৃষ্টিশক্তিহীন অল্পনায়েও। উল্লেখ্য বাইশ বছৰ পূৰ্বে ৰেলতে এনেদৰে চিনাকী হ’ল দুয়োৰে,পৰবৰ্তী সময়ত দুয়োৰে মাজত গঢ় লৈ উঠিলে প্ৰেমে । আৰু এই প্ৰেমেই এদিন বিবাহৰ ৰূপ ল’লে শান্তিৰিম গোঁহাই আৰু অল্পনাৰ মাজত। ধেমাজিৰ কলাবাৰীৰ শান্তিৰাম গোহাঁই আৰু মাছখোৱা দেওঘৰীয়াৰ অল্পনা গোহাঁইয়ে ধেমাজিৰ তুলসীবাৰীতে সাঁজিলে এখন মৰমৰ ঘৰ ৷ বিবাহৰ পাছত শান্তিৰামে সতীৰ্থৰ সৈতে ৰে’লত গীত গাই উপাৰ্জন কৰাৰ লগতে অল্পনাই ঘৰৰ সন্মুখতে আৰম্ভ কৰিলে এখন সৰু দোকান৷ অন্ধতাক আনৰ অনুকম্পা হ’বলৈ নিদি জীৱন জীনাৰ গান গোৱা শান্তিৰাম আৰু অল্পনাৰ একমাত্ৰ পুত্ৰ বৰ্তমান স্নাতক মহলাৰ ছাত্ৰ । কন্যা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী৷ পুত্ৰ কন্যাক অভাৱৰ আঁচোৰ পৰিব নিদিয়া অদম্য সাহসী শান্তিৰাম আৰু অল্পনাৰ জীৱনৰ গতি যেন এতিয়া স্তিমিত হৈ পৰাৰ উপক্ৰম ঘটিছে। লকডাউনৰ ফলত ৰে’ল যাতায়ত বন্ধ হোৱাৰ বাবে গীত গাবলৈ যাব পৰা নাই শান্তিৰাম ৷ ঘৰৰ সন্মুখৰ দোকানখনো গ্ৰাহকৰ অভাৱত বন্ধ হৈ পৰিল ৷ সাচতীয়া ধন কেইটাও ইতিমধ্যে শেষ হ’ল৷ ক্ৰমশ হতাশা আৰু অনিশ্চয়তাই এতিয়া আগুৰি ধৰিছে অন্ধ দম্পত্তিক৷ জন্মান্ধ এই দম্পত্তিক এতিয়া প্ৰয়োজন আপোনাৰ মোৰ অকণমান সহাৰিৰ । সুহৃদয়বানৰ ক্ষুদ্ৰতম সঁহাৰিয়ে হয়টো মসৃণ কৰিব পাৰে শান্তিৰাম অল্পনাৰ জীৱন নাট । Share