নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী–বিত্তমন্ত্ৰীৰ উপস্থিতিত মুখ্য কার্যবাহী সদস্য ৰূপে বড়ো ভাষাত প্রমোদ বড়োৰ শপত

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ অৱশেষত বিটিচিত ১৭ বছৰীয়া হাগ্রামাৰাজৰ অৱসান ঘটিল৷ অঞ্চলটোৰ লাখ লাখ পৰিৱর্তনকামী জনতাৰ আনন্দ–উল্লাসৰ মাজত মঙলবাৰে কোকৰাঝাৰৰ বডোফা নগৰৰ গ্রীন ফিল্ডৰ মুকলি মঞ্চত নতুন বিটিচি পৰিষদৰ কৰিবলৈ প্রাক্তন বিটিচিপ্রধান হাগ্রামা মহিলাৰীক আহ্বান জনাইছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷

কালি কোকৰাঝাৰত নতুন পৰিষদখনৰ শপত গ্রহণ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রী সোণোৱালে কয় যে প্রমোদ বড়ো নেতৃত্বাধীন নতুন পৰিষদখনে অঞ্চলটোৰ সকলো জাতি–জনগোষ্ঠীৰ নিৰাপত্তা নিশ্চিত কৰিব৷ দুর্নীতিমুক্ত, সন্ত্রাসবাদমুক্ত বিটিচিৰ লগতে শান্তি, সমন্বয় আৰু উন্নয়নৰ বিটিচি গঠনেই আছিল এইবাৰৰ নির্বাচনৰ উদ্দেশ্য৷ ইতিমধ্যে নতুন মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে সকলোকে মর্যাদা, সন্মান, সমন্বয় দিয়াৰ কথা ঘোষণা কৰিছে৷ বিটিআৰ চুক্তিয়ে অঞ্চলটোত বসবাস কৰা সকলো ৰাইজলৈ আমূল পৰিৱর্তন আনিছে৷ এতিয়া নতুন পৰিষদখনৰ কাম হ’ব– দায়বদ্ধভাৱে সততাৰে কাম কৰা৷ এইক্ষেত্রত প্রমোদ বড়োৱে সততাৰে, আন্তৰিকতাৰে কাম কৰাৰ দিশত অগ্রসৰ হোৱাৰ কথা কৈছে৷ ইয়াৰ বাবে ইউপিপিএল, বিজেপি, জিএছপিৰ লগতে বিপিএফৰ নির্বাচিত প্রতিনিধিসকলেও প্রমোদ বড়োক সহায় কৰিব লাগিব৷ হাগ্রামা মহিলাৰীকো আহ্বান জনাইছোঁ– তেৱোঁ আন্তৰিকতাৰে প্রমোদ বড়োক সহায় কৰক৷ সংঘাত নহয়, সমন্বয়ৰ দ্বাৰাহে বিটিআৰৰ চাৰিখন জিলাক শক্তিশালী কৰাৰ বাবে সকলোৱে মিলি কাম কৰিব লাগিব৷

বডোফা উপেন্দ্রনাথ ব্রহ্মৰ প্রতি গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে এইগৰাকী নেতাই সামাজিক–সাংস্কৃতিক– দিশত লোৱা বলিষ্ঠ পদক্ষেপৰ বাবে আজি বড়ো জনগোষ্ঠীয়ে শক্তিশালীভাৱে আগুৱাই আহিবলৈ সক্ষম হৈছে৷ বিটিআৰ এলেকাত বড়ো জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীৰ লোকসকলে শান্তিপূর্ণ আৰু গণতান্ত্রিকভাৱে ভোটদান কৰি বিটিচি পৰিষদ গঠন কৰিলে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বাবে বিটিআৰ চুক্তি সম্ভৱ হ’ল বুলি ভাষণত উল্লেখ কৰে৷ ভাষণত মুখ্যমন্ত্রী সোণোৱালে আৰু কয় যে নতুন পৰিষদখনে অঞ্চলটোত শান্তি প্রতিষ্ঠা কৰি মাটি–ভেটি–কৃষ্টি–সংস্কৃতি সংৰক্ষণৰ দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰিব লাগিব৷ এতিয়া অঞ্চলটোত ভয়–শংকাৰ অৱসান ঘটিল৷ ৰাজ্য চৰকাৰখন সকলো সময়তে বিটিচি চৰকাৰৰ লগত থাকিব৷ ইউপিপিএল–বিজেপি–জি এটা পৰিয়ালৰ দৰে আগন্তুক দিনত কাম কৰিব লাগিব৷ এতিয়াৰে পৰা অঞ্চলটোত খিলঞ্জীয়া লোকৰ মাটি বেচা–কিনাৰ ক্ষেত্রতো সমস্যা নাথাকিব৷ সেইদৰে এনডিএফবিৰ সদস্যসকলে সশস্ত্র সংগ্রাম পৰিত্যাগ কৰি অহিংসাৰ নীতিৰে সমাজত প্রৱেশ কৰি গণতান্ত্রিক ব্যৱস্থাত অংশগ্রহণ কৰাত আদৰণি জনাই তেওঁ কয় যে আগন্তুক দিনত এনডিএফবিৰ সকলো সদস্যকে পুনৰ সংস্থাপন কৰা হ’ব৷ আদিবাসী, চাওতাল জনগোষ্ঠীৰ সশস্ত্র সংগ্রামত বিশ্বাসী যিসকলে আত্মসমর্পণ কৰিছে, তেওঁলোককো মর্যাদাসহকাৰে সন্মান জনাই সংস্থাপিত কৰা হ’ব৷ ভাষণত তেওঁ আৰু কয় যে বিটিআৰৰ চাৰিওখন জিলা প্রাকৃতিক সম্পদত চহকী৷ জৈৱ–বৈচিত্র্যৰ মহাস্থল৷ সেয়ে এই অঞ্চলটোক বিশ্বৰ অন্যতম সুন্দৰ অঞ্চল হিচাপে গঢ় দিয়াৰ সম্ভাৱনা আছে৷ ইয়াক পর্যটনৰ আকর্ষণৰ স্থলী হিচাপে গঢ় দিব পাৰিলে দেশী–বিদেশী পর্যটকসকল এই অঞ্চললৈ আহিব৷ অসমক ভাৰতৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কাম কৰি আহিছে৷ দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰত অসমৰ স্থান সুনিশ্চিত কৰিব লাগিলে এই চাৰিওখন জিলাৰ জনসাধাৰণে নিজকে স্বাৱলম্বী কৰাৰ লক্ষ্যৰে কাম কৰিব লাগিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আত্মনির্ভৰ ভাৰত গঢ়াৰ বাবে জনোৱা আহ্বানৰ প্রতি সঁহাৰি জনাই সোণোৱালে কয় যে ৰাজ্য চৰকাৰেও আত্মনির্ভৰ অসম গঢ়াৰ লক্ষ্যৰে কাম কৰি আহিছে৷ বিটিআৰ এলেকাৰ সকলোৱে আত্মনির্ভৰ হোৱাৰ লক্ষ্যৰে কঠোৰ পৰিশ্রম কৰিব লাগিব বুলি কয় মুখ্যমন্ত্রীয়ে৷

You might also like