ক’ভিডৰ নিয়ম উলংঘাৰ তথ্য পালে ব্যৱস্থা ল’ব আৰক্ষীয়ে
নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ সামাজিক দূৰত্ব নমনাকে ধৰি ক’ভিড–১৯ৰ নীতি–নিয়ম উলংঘাৰ অভিযোগ পালে কঠোৰ হ’ব আৰক্ষী৷ সাংবাদিকে ৰাজনৈতিক দলসমূহলৈ আৰক্ষীৰ কিবা দৰদ আছে নেকিবুলি সোধা এক প্রশ্নৰ উত্তৰত আৰক্ষী সঞ্চালকপ্রধানৰ মন্তব্য– ৰাজনৈতিক দলসমূহৰ প্রতি সাংবাদিকসকলৰহে আছে দৰদ৷
কালি বাগ্সা জিলাৰ আৰক্ষী অধীক্ষকৰ কার্যালয় চৌহদত নৱনির্মিত সভাগৃহ উদ্বোধন কৰি আৰক্ষী সঞ্চালকপ্রধান মহন্তই ৰাজনৈতিক দলসমূহে সামাজিক দূৰত্ব অবিহনে সভা–সমিতি পতা সংক্রান্তত সাংবাদিকে কৰা এক প্রশ্নৰ উত্তৰত এইদৰে কয়৷ আনহাতে, বি টি এ ডিত অস্ত্রভাণ্ডাৰ উদ্ধাৰ সংক্রান্তত কোন সংগঠন জডিত আছে বুলি সাংবাদিকে কৰা প্রশ্নৰ উত্তৰত আৰক্ষী সঞ্চালকপ্রধানগৰা এই বিষয়টো ৰাজহুৱা কৰাত অসুবিধা থকা বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷ আগন্তুক বিটিচি নির্বাচনত বি টি এ ডিৰ অন্তর্গত জিলাসমূহৰ বাহিৰেও বি টি এ ডিৰ সীমামূৰীয়া জিলাসমূহত কেনেধৰণৰ আইন–শৃংখলাজনিত পৰিৱেশ উদ্ভৱ হ’ব পাৰে সেই বিষয়ে আৰক্ষীৰ শীর্ষ বিষয়াৰ লগত এক আলোচনাত মিলিত হোৱা বুলি তেওঁ জানিবলৈ দিয়ে৷
আনহাতে, ভিডিপি মনিটৰিং আৰু ভেহিকল মেনজমেণ্টৰ ক্ষেত্রত অনলাইন ব্যৱস্থা কৰা বুলি উল্লেখ কৰি আৰক্ষীৰ সহায় নোহোৱাকৈ ভি ডি পিৰ গতিবিধি এক নতুন এপছৰ জৰিয়তে জানিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীপ্রধান গৰাকীয়ে৷ অনুষ্ঠানত বি টি এ ডিৰ আইজিপি অনুৰাগ আগৰৱালা, নলবাৰী–বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকদ্বয় আৰু বাগ্সা জিলা নৱনিযুক্ত আৰক্ষী অধীক্ষক হিৰণ্য বর্মন, বিদায়ী আৰক্ষী অধীক্ষক থুৱে প্রতীক বিজয় কুমাৰকে ধৰি কেইবাগৰাকী শীর্ষ আৰক্ষী বিষয়া উপস্থিত থাকে৷