নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰণ দুন্দুভি

সমবিকাশ আৰু দ্ৰুত উন্নয়নৰ বাবে তিৱা স্বায়ত্ব পৰিষদত বিজেপিক জয়ী কৰাওক -মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ “সমবিকাশ আৰু দ্ৰুত উন্নয়নৰ বাবে তিৱা স্বায়ত্ব পৰিষদত বিজেপিক জয়ী কৰাওক। বিজেপিয়ে পৰিষদ গঠন কৰিলে উন্নয়নৰ দ্বায়িত্ব আমি লম।” – মৰিগাঁৱত এইদৰে কেইবা সহস্ৰাধিক জনতাৰ সন্মুখত উদাত্ত কন্ঠেৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ব পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ বাবে আজি ৰহা সমষ্টিৰ অন্তৰ্গত তথা তিৱা পৰিষদীয় সমষ্টি ২৪নং জোঙালবলহুৰ অন্তৰ্গত কামগাঁৱত বিজেপিৰ প্ৰাৰ্থী প্ৰণৱজ্যোতি মছৰঙৰ হৈ এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপি দলক ভোটদান কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে, বৰ্তমান বিজেপিৰ শাসন কালত অসমৰ বৰাক ব্ৰহ্মপুত্ৰৰ  সকলো জাতি  জনগোষ্ঠীয়ে সন্মান আৰু মৰ্যাদা সহকাৰে জীয়াই থকাৰ এক বাতাবৰণ গঢ় লৈ উঠিছে। প্ৰতিটো জনগোষ্ঠীৰ মাটি, ভেটি, কৃষ্টি সংস্কৃতি, সভ্যতা আদি ৰক্ষাত গুৰুত্ব দিয়াৰ লগতে দুৰ্নীতি মুক্ত কৰি ৰাইজক মধ্যভোগীৰ গ্ৰাসৰ পৰা মুক্ত কৰি সু-শাসন ব্যবস্হাৰে স্বাধীনতাৰ ৭৩ বছৰৰ পিছত এক উন্নত মানদণ্ডৰ চৰকাৰ তথা প্ৰশাসন ব্যবস্থা উপহাৰ দিবলৈ সক্ষম হৈছে। লগতে কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি কংগ্ৰেছে ভাষাৰ নামত, গোষ্ঠীৰ নামত সংঘৰ্ষৰ সৃষ্টি কৰি জাতি-জনগোষ্ঠীৰ মাজত বিভেদ আনি অসমখনক ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰ কৰিলে বুলি কয়।সেহে তিৱা জনগোষ্ঠীৰ মাজত এক সু-শাসন ব্যৱস্থাৰে জনগোষ্ঠীটোক সামগ্ৰিক উন্নয়নৰ বাবে বিজেপিক জয়ী কৰাবলৈ আহ্বান জনাই।

অন্যহাতে সভাত উপস্থিত থাকি ৰাজ্যিক স্বাস্থ্য আৰু নগৰ উন্নয়ন স্বতন্ত্ৰ মন্ত্ৰী পিযুষ হাজৰিকাই  কংগ্ৰেছ দলক কটাক্ষ কৰি সভালৈ মানুহ আনিবলৈ লগত পেডেল মাৰা গায়কলৈ ফুৰে বুলি কয়।তদুপৰি কংগ্ৰেছে বদৰূদ্দিন আজমলক ৰজা পাতিবলৈ পদলেহন কৰি অসমীয়া খিলঞ্জীয়া জাতিলৈ এক ভয়ংকৰ বিপদ চপাই আনিছে বুলি মন্তব্য কৰি অসমীয়া ভাষা-সংস্কৃতিক জীয়াই ৰাখিবলৈ কংগ্ৰেছক বিদায় দিব লাগিব বুলি কয়।

কেৱল সেয়াই নহয়, ৫৫ বছৰে শাসন কৰি কংগ্ৰেছে অসমক যিদৰে পৰিৱৰ্তন সাধন কৰিবলৈ লাগিছিল সেয়া তিলমানো নকৰিলে আৰু বিজেপিৰ নৰেন্দ্ৰ মোডী , সৰ্বানন্দ সোণোৱাল চৰকাৰেহে সেই বিধস্ত অসমৰ ছবি সলনি কৰি পৰিৱৰ্তনৰ ধাৰাৰে অসমক নকৈ গঢ়িবলৈ চেষ্টা কৰিছে আৰু মাত্ৰ চাৰি বছৰীয়া চৰকাৰৰ কাৰ্যকালতে সকলোৱে গম পাইছে। লগতে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুত বৰদলৈ, ৰিপুন বৰা আৰু ৰকিবুল হুছেইনক সমালোচনা কৰি কয় যে, জনসাধাৰণৰ বিপদৰ সময়ত কংগ্ৰেছী নেতাসকলে পলায় থাকি কেৱল মাত্ৰ বিজেপিৰ বিধায়ক, মন্ত্ৰীসকলক গালি পাৰি থাকে।কিন্তু সহায়ৰ নামত একো নকৰে। ইয়াৰ পৰিৱৰ্তে বিজেপিয়ে সকলো জাতি-বৰ্ণ-ধৰ্মৰ লোকক যিকোনো বিপদৰ সময়ত বিজেপিয়ে সহায় কৰে আৰু ভৱিষ্যতলৈকো কৰি যাব আৰু এয়া পৰিৱৰ্তনশীল বিজেপি চৰকাৰৰ ধৰ্ম বুলিও উল্লেখ কৰে। সেহে অসমীয়া সকলো ভাষা-ভাষী লোকসকলৰ উন্নয়নৰ বাবে কংগ্ৰেছ-নিৰ্দলীয় আদিক বাদ দি বিজেপিক জয়ী কৰাবলৈ আহ্বান জনাই বিজেপি দলে তিৱা পৰিষদ দখল কৰিব বুলি ভাষণ প্ৰদান কৰে।

এই সভাত বিধায়ক ৰূপক শৰ্মা, ডিম্বেশ্বৰ দাস, সাংসদ হৰেণ সিং বে’, বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক সম্পাদক তথা জোঙালবলহু সমষ্টিৰ তত্বাৱধায়ক কৃষ্ণমনি চুতীয়া, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা আদি বিষয়ববীয়াসকল উপস্থিত থাকে।

You might also like