নগাঁৱত সহস্রাধিকৰ বিজেপিত যোগদান
নিয়মীয়া বার্তা, ৮ ফেব্রুৱাৰীঃ বিগত সময়ছোৱাত নগাঁও সদৰ সমষ্টিত হোৱা উন্নয়নৰ লগতে বিধায়ক ৰূপক শর্মাৰ নেতৃত্বত সমষ্টিটোত হোৱা সর্বস্তৰৰ লোকৰ সামগ্রিক উন্নয়নত আকৃষ্ট হৈ বিজেপিত যোগদান প্রক্রিয়া অব্যাহত আছে৷
ভাৰতীয় জনতা পার্টীৰ ৰাজ্যিক সমিতিৰ লক্ষ্য মিছন ১০০ প্লাছ সফল কৰাৰ উদ্দেশ্য কালি নগাঁও সদৰ সমষ্টিৰ পৌৰসভাৰ ২০নং ৱার্ডৰ নবীন নগৰত সহস্রাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত বিশাল যোগদান সভাত বিভিন্ন দলৰ পৰা অহা সহস্রাধিক লোকে ভাৰতীয় জনতা পার্টীত যোগদান কৰে৷
যোগদান সভাখনত বিধায়ক ৰূপক শর্মাই ভাষণত কয় যে সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্রজেজাটৰ চৰকাৰখনৰ দিনত সর্বস্তৰৰ উন্নয়ন সাধন হৈছে৷ সমগ্র ৰাজ্যৰ লগতে নগাঁও সদৰ সমষ্টিটো উন্নয়নৰ ধাৰা অব্যাহত আছে৷
নগাঁও সদৰ সমষ্টিৰ সামগ্রিক উন্নয়ন আৰু ভাৰতীয় জনতা পার্টীৰ নীতি–আদর্শৰ প্রতি আকৃষ্ট হৈ ইতিমধ্যে বিভিন্ন দলৰ ভালেসংখ্যক নেতা–কর্মীয়ে বিগত দিনসমূহত বিজেপিত যোগদান কৰি আহিছে৷
কালিও দলৰ নীতি–আদর্শৰ প্রতি আকৃষ্ট হৈ বিভিন্ন দলত্যাগ কৰি সহস্রাধিক লোকে বিজেপি দলত যোগদান কৰিছে৷ চৰকাৰৰ দিনত উন্নয়ন কেৱল কাগজ কলমতে সীমাবদ্ধ আছিল, কামৰ ক্ষেত্রত আছিল শূন্যতা৷ লগতে বিধায়কগৰাকীয়ে কয়– আমি সাম্প্রদায়িক ৰাজনীতি নকৰোঁ উন্নয়নৰ ৰাজনীতিহে কৰোঁ৷ আমি সম উন্নয়নত গুৰুত্ব আৰোপ কৰিছেছা৷ লগতে বিধায়কগৰাকীয়ে প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনক কটাক্ষ কৰি কয় যে তেওঁ এগৰাকী অংক মাষ্টৰ৷ কিন্তু এইবাৰ তেওঁৰ অংকত আউল লাগিব৷