নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত পুনৰ বাঘৰ মৃত্যুঃ বাঘৰ নেজ, দাঁত, নখ কাটি নিবলৈ হেতাওপৰা ৰাইজৰ!

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ সভ্যতাই শিখৰত আৰোহণ কৰিলেও মানুহ আজিও পশুতকৈ অধম যেনহে পৰিলক্ষিত হৈছে। এটা মৃত বাঘৰ নখ, দাঁত, নেজ, জিভা কাটি নিবলৈ হেতাওপৰা কৰা দৃশ্যই সকলোকে এই কথাই ভবাই তুলিছে। ঘটনাটো ডিব্ৰুগড়ৰ লাহোৱাল থানাৰ অন্তৰ্গত বকপৰা বাগিচাত সংঘটিত হৈছে। ডিব্ৰুগড়ত পুণৰ এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘৰ মৃত্যু হোৱা ঘটনাক লৈ হৈছে তীব্ৰ চাঞ্চল্যৰ। ডিব্ৰুগড়ৰ বকপৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত সংঘটিত এই ঘটনা কোনো গাড়ীৰ দুৰ্ঘটনাত বাঘটোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। বাঘটোৰ নাড়ী-ভুৰু উলাই যোৱা বিভিন্ন অংগ একাংশই নিয়াৰ চেষ্টা কৰোতেই উপস্থিত হয় ডিব্ৰুগড়ৰ বনবিভাগৰ দল।

বনৰজাৰ সৈতে একাংশ স্থানীয় লোকে বন্য উল্লাসত মত্ত হৈ পৰা পৰিলক্ষিত হয়। পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ বকপাৰাৰ বাইপাছৰ পথৰ কাষত উদ্ধাৰ কৰা নাহৰফুটুকী বাঘটো জকাই খণ্ড বনবিষয়াৰ কাৰ্যলয়লৈ নিয়া হয়। বনবিভাগে বাঘটোৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰি সৎকাৰৰ ব্যৱস্থা কৰিছে। পুৱাই স্থানীয় ৰাইজে মৃত নাহৰফুটুকীটো পত্যক্ষ কৰাৰ পাছতেই মৃত নাহৰফুটুকীৰ সৈতে চেল্ফি টুলিবলৈকো হেতা উপৰা লগাই। একাংশই মৃত নাহৰফুটুকী বাঘটোৰ দাঁত, নখ, নোম আদি অংগ এৰুৱাই লৈ যোৱাৰ চেষ্টা কৰিছিল বুলি অভিযোগ কৰিছে। নিশা কোনো বাহনৰ খুন্দাত মৃত্যু হোৱাৰ সন্দেহ কৰিছে বন বিভাগৰ দলে।

উল্লেখযোগ্য যে, প্ৰায় তিনি মাহৰ পূৰ্বে এটা নাহৰফুটুকী বকপৰাতে বাহনৰ খোন্দাত মৃত্যু হৈছিল।ডিব্ৰুগড়ৰ বিভিন্ন বাগিচা অঞ্চলত নাহৰফুটুকী বাঘৰ উপদ্ৰপ বৃদ্ধি হোৱালৈ চাই অৱশ্যে বাঘটো দুৰ্ঘটনা নে কোনো লোকে এনেদৰে নৃশংস ভাৱে হত্যা কৰিছে জ সেয়া অদ্যাপি জানিব পৰা হোৱা নাই যদিও বাঘৰ মৃত্যু হোৱা ঘটনাই প্ৰকৃতি প্ৰেমী সকলৰ মাজতো ভীষণ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

প্ৰেৰকঃ ডিৱ্ৰুগড়ৰ পৰা বিভাস দুৱৰা 

You might also like