নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাভলীনাৰ নামেৰে টিহুৰ শিশু উদ্যান

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ টকিঅ’ অলিম্পিকত বঁটা বিজয়ী অসমৰ লৌহ কন্যা লাভলীনাৰ নামেৰে নামকৰণ কৰি টিহু নগৰত থকা শিশু উদ্যানখন বিজ্ঞানসন্মতভাৱে গঢ়ি তুলিবলৈ বিভাগীয় বিভাগৰ ওচৰত প্রস্তাৱ আগবঢ়াইছে টিহু নগৰ উন্নয়ন সমিতিয়ে৷

টিহু নগৰৰ দুই নম্বৰ ৱার্ডত থকা টিহু ছোৱালী হাইস্কুল, টিহু আদর্শ নিম্ন বুনিয়াদী বিদ্যালয় আৰু টিহু টাউন বালিকা বুনিয়াদী বিদ্যালয়ৰ সমীপত টিহু পৌৰসভাই স্থাপন কৰা টিহু নগৰৰ একমাত্র শিশু উদ্যানখন চোৱাচিতাৰ অভাৱত হাবি–জংঘলে আগুৰি ধৰাত পৰিত্যক্ত হৈ পৰিছিল৷ শেহতীয়াভাৱে নৱগঠিত টিহু নগৰ উন্নয়ন সমিতিয়ে পৌৰসভালৈ বাট নাচাই উন্নয়ন সমিতিয়ে নিজা উদ্যোগেৰে শিশু উদ্যানখন চাফ–চিকুণ কৰি উদ্যানখন ব্যৱহাৰৰ উপযোগী কৰি তোলে৷

টিহু নগৰ উন্নয়ন সমিতিয়ে উদ্যানৰ সমীপত থকা শিক্ষানুষ্ঠানৰ শিক্ষার্থীসকলক ক্রীডাৰ প্রতি আগ্রহী কৰি তোলা আৰু ৰাজ্যবাসীক গৌৰৱান্বিত কৰা অসম কন্যা লাভলীনা বৰগোহহাইৰ প্রতি কৃতজ্ঞতাৰ চিনস্বৰূপে শিশু উদ্যানখনক ‘লাভলীনা পার্ক’ নামকৰণ কৰি বিজ্ঞানসন্মতভাৱে গঢ়ি তুলিবলৈ টিহু পৌৰসভাক দাবী জনাইছে৷

You might also like